Breaking News

অমৃত সৰোবৰ প্ৰকল্পৰ কেন্দ্ৰীয় নডেল বিষয়াৰ গোলাঘাটৰ প্ৰস্তাৱিত প্ৰকল্পস্থলী পৰিদৰ্শন




ডিজিটেল সংবাদ, গোলাঘাটঃ অমৃত সৰোবৰ প্ৰকল্পৰ কেন্দ্ৰীয় নডেল বিষয়া তথা অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ উপ-সচিব মৃত্যুঞ্জয় শৰ্মা আৰু কেন্দ্ৰীয় আভ্যন্তৰীণ জল বোৰ্ডৰ বিজ্ঞানী অৰিজিত মিত্ৰই আজি গোলাঘাট জিলাৰ কেইবাটাও স্থানত প্ৰস্তাৱিত অমৃত সৰোবৰ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয় । দুয়োগৰাকী প্ৰতিনিধিয়ে গোলাঘাট পূব উন্নয়ন খণ্ড পদুমনিৰ অন্তৰ্গত ওৱাটিং, আঠখেলীয়া আৰু কমাৰবন্ধাৰ এই প্ৰকল্প ৰূপায়ন হ'বলগীয়া ৫টা স্থান পৰিদৰ্শন কৰে । তেওঁলোকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলশক্তি কেন্দ্ৰ এটাও পৰিদৰ্শন কৰে । স্থানসমূহ পৰিদৰ্শন কৰাৰ পিছতেই দুয়োগৰাকী প্ৰতিনিধিয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত এখন সভাত মিলিত হয় । সভাত কেন্দ্ৰীয় নডেল বিষয়াগৰাকীয়ে কয় যে ২০২৩ চনৰ ১৫ আগষ্টৰ ভিতৰত এই প্ৰকল্পৰ সফল ৰূপায়নৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।  মূলতঃ বৰষুণৰ পানীৰ সংৰক্ষণ আৰু সদব্যৱহাৰৰ লক্ষ্যৰে গ্ৰহণ কৰা এই অভিযানৰ দ্বাৰা বিশেষভাবে গোলাঘাট জিলাৰ খৰাংপীড়িত অঞ্চলসমূহ বিশেষভাৱে উপকৃত হ'ব আৰু এই অভিযানৰ দ্বাৰা নিয়োগ সৃষ্টিৰ ব্যাপক সম্ভাৱনা আছে বুলি তেওঁ আশা প্ৰকাশ কৰে । তেওঁ এইক্ষেত্ৰত এনে অঞ্চলসমূহত এই আঁচনি ৰূপায়নত অধিক গুৰুত্ব আৰোপ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত বিজ্ঞানী অৰিজিত মিত্ৰই পাৱাৰপইণ্ট প্ৰেজেণ্টেশ্যনৰ সহায়ত অমৃত সৰোবৰ প্ৰকল্পৰ বিষয়ে বিতংভাবে ব্যাখ্যা আগবঢ়ায় । তেওঁ কয় যে ভৱিষ্যতৰ বাবে পানী সংৰক্ষণৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৪ এপ্ৰিলত এই অভিযানৰ বিষয়ে ঘোষণা কৰিছিল । ইয়াৰ অধীনত নিৰ্মাণ হ'বলগীয়া প্ৰতিটো পুখুৰীত ১০,০০০ কিউবিক মিটাৰ পানী সংৰক্ষণৰ ক্ষমতা থাকিব । ৰাইজৰ অংশগ্ৰহণ এই অভিযানৰ অন্যতম লক্ষ্য বুলি উল্লেখ কৰি তেওঁ কয় যে স্থানীয় লোকসকলক জল সংৰক্ষণৰ বিষয়ে সজাগ কৰি এই অভিযানৰ অন্তৰ্ভুক্ত কৰিব পাৰিলেহে সফল ৰূপায়ন সম্ভৱ হ'ব । উল্লেখযোগ্য যে গোলাঘাট জিলাৰ ৮টা উন্নয়ন খণ্ডৰ বিভিন্ন এলেকাত ৭৫ টা অমৃত সৰোবৰ পুখুৰী (প্ৰতিটো পুখুৰী এক হেক্টৰকৈ) খন্দাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰা হৈছে । পানী সংৰক্ষণৰ লগতে এই পুখুৰীৰ চৌপাশে সৌন্দৰ্যবৰ্দ্ধনৰো ব্যৱস্থা কৰা হ'ব । 

No comments