Breaking News

দেৱৰাজ ৰয় মহাবিদ্যালয়ত অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ অনুমোদন

 


দেৱৰাজ ৰয় মহাবিদ্যালয়ত অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ অনুমোদন

ডিজিটেল সংবাদ,গোলাঘাটঃ  ঐতিহ্যমণ্ডিত দেৱৰাজ ৰয় মহাবিদ্যালয়তক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে চলিত বছৰৰ পৰা অৰ্থনীতি বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰিবৰ বাবে অনুমতি প্ৰদান কৰিছে ৷ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক দেৱজিৎ ফুকনে জানিবলৈ দিয়া অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰা অনুমতি অনুসৰি চলিত শিক্ষা বৰ্ষত মুঠ বিশ গৰাকী ছাত্ৰছাত্ৰীয়ে অৰ্থনীতি বিভাগত স্নাতকোত্তৰ শ্ৰেণীত নাম ভৰ্তি কৰিব পাৰিব ৷ উল্লেখযোগ্য যে ১৯৪৯ চনত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয় খনত জীৱ বিজ্ঞান বিভাগৰ পাছত অৰ্থনীতি বিজ্ঞান হল স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে অনুমতি লাভ কৰা মহাবিদ্যালয় খনৰ দ্বিতীয়টো বিভাগ ৷ মহাৰজত জয়ন্তী বৰ্ষ উদ্‌যাপনৰ প্ৰাক মুহূৰ্তত অৰ্থনীতি বিভাগে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ অনুমোদন লাভ কৰাত মহাবিদ্যালয় খনত আনন্দৰ জোৱাৰ অহা পৰিলক্ষিত হৈছে ৷

No comments