Breaking News

ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উনবিংশ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি অনুষ্ঠান

 


ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উনবিংশ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি অনুষ্ঠান 

ডিজিটেল সংবাদ,গোলাঘাটঃ  গোলাঘাটৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুল ( পূৰ্বৰ ৰিলায়েন্স কলেজ জুনিয়ৰ) ৰ উনবিংশ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি অনুষ্ঠান কালি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণি পতাকা উত্তোলনেৰে হয় আৰু পতাকা উত্তোলন কৰে ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰেক্টৰ ড০ তোলেন্দ্ৰ নাথ হাজৰিকাই।  ইয়াৰ পিছতে শিক্ষানুষ্ঠান খনৰ প্ৰাচীৰ পত্ৰিকা ' ভিবজিঅ'ৰ ' আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী পাৰিজাত বৰুৱাই। পৰৱৰ্তী কাৰ্যসূচীত ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰতিষ্ঠাপক প্ৰয়াত ৰূপক গগৈ, প্ৰাক্তন মন্ত্ৰী প্ৰয়াত জীৱকান্ত গগৈ আৰু শিক্ষানুষ্ঠান খনৰ জন্মলগ্নৰে পৰা জড়িত কৰ্মচাৰী প্ৰয়াত দীপক ৰয়ৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পিছত কাৰ্যসূচীৰ লগত সংগতি ৰাখি এক মুকলি সভা অনুষ্ঠিত কৰা হয়।  ৰেক্টৰ ড০ তোলেন্দ্ৰ নাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে ভাৰতীয় সেনাবাহিনীৰ ব্ৰিগেডিয়াৰ এন,  ডি জোশী। বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ব্ৰিগেডিয়াৰ এছ,  প্ৰসাদ,  অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত সচিব মিল্টন কুইয়া, অধ্যাপক দেৱজিৎ দত্ত, টংকেশ্বৰ পাঠক,  উপেন পাঠক, প্ৰাক্তন অধ্যক্ষ হেমন্ত  বৰা , বৰ্তমান অধ্যক্ষা প্ৰিয়ংকা শইকীয়া দাস,  উপাধ্যক্ষ লক্ষজিৎ দুৱৰা আৰু ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰিচালন অধ্যক্ষ দীপক কুমাৰ গগৈ। সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে অধ্যক্ষা প্ৰিয়ংকা শইকীয়া দাসে। সভাত মুখ্য অতিথি ভাৰতীয় সেনাবাহিনীৰ ব্ৰিগেডিয়াৰ এন,  ডি জোশীয়ে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি যথেষ্ট তত্বগধুৰ ভাষণ আগবঢ়ায়। আমন্ত্ৰিত বিশিষ্ট অতিথিৰূপে উপস্থিত থকা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত সচিব মিল্টন কুইয়াইও শিক্ষানুষ্ঠান খনৰ পৰিচালন অধ্যক্ষ দীপক গগৈৰ নেতৃত্বৰ শলাগ লোৱাৰ লগতে ছাত্ৰ ছাত্ৰী সকলক জীৱনত একোৱেই অসম্ভৱ নহয় বুলি ভাবি আগবাঢ়ি যাবলৈ পৰামৰ্শ আগবঢ়ায়। আনহাতে ব্ৰিগেডিয়াৰ এছ,  প্ৰসাদে নিজৰ ভাষণত কয় যে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্ৰায় ৫৫ শতাংশ যুৱ প্ৰজন্ম আৰু এই যুৱ প্ৰজন্মক উপযুক্ত শিক্ষা আৰু সঠিক পথ প্ৰদৰ্শনেৰে ভাৰতক এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পৰা যায়। উক্ত সভাতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা,  বিজ্ঞান আৰু বাণিজ্য শাখাত শিক্ষানুষ্ঠান খনৰ ভিতৰত শীৰ্ষ স্থান অধিকাৰ কৰা ছাত্ৰ ছাত্ৰী সকলক জীৱকান্ত গগৈ সোঁৱৰণী বঁটা প্ৰদান কৰা হয়।  জীৱকান্ত গগৈ মেম'ৰিয়েল ট্ৰাষ্ট ৰ দ্বাৰা আগবঢ়োৱা এই বঁটাত নগদ পাঁচ হাজাৰ টকা আৰু মানপত্ৰ প্ৰদান কৰা হয়। এইবাৰ এই বঁটা লাভ কৰিবলৈ সক্ষম হয় কলা শাখাত ৰাজপ্ৰিয় চলিহাই,  বিজ্ঞান শাখাত কৌশিকীনন্দা দুৱৰাই আৰু বাণিজ্য শাখাত উত্তম শইকীয়াই। ইফালে বাণিজ্য শাখাৰ উত্তম শইকীয়াক এক বিশেষ বঁটা প্ৰদান কৰা হয় য'ত নগদ ৭৫০০ টকা আৰু এখন মানপত্ৰ আগবঢ়োৱা হয়। ইয়াৰ উপৰিও কলা,  বিজ্ঞান আৰু বাণিজ্য শাখাৰ বিভিন্ন বিষয়ত ৯০ শতাংশ অথবা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰী সকলক সংশ্লিষ্ট বিষয়ৰ প্ৰবক্তা সকলৰ দ্বাৰা বঁটা প্ৰদান কৰা হয়। বঁটা বিতৰণী অনুষ্ঠানৰ আঁত ধৰে বাণিজ্য বিভাগৰ প্ৰৱক্তা অমিত নাগৰীয়ে। ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰী তথা প্ৰবক্তাসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়।  সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীৰ আঁত ধৰে শ্বেহনাজ য়াচমীন আৰু শান্তুৰাজ গগৈয়ে। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় অধ্যক্ষা প্ৰিয়ংকা শইকীয়া দাসে।

No comments