Breaking News

জেইই’ত শীৰ্ষত গুৱাহাটীৰ স্নেহা পাৰিক



‘জেইই’ত শীৰ্ষ স্থান লাভ অসমৰ এগৰাকী ছাত্ৰীৰ। জইণ্ট এনট্ৰেন্স এগ্‌জামিনেশ্বন চমুকৈ ‘জেইই-মেইন-২০২২’ত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল অসমৰ মেধাৱী ছাত্ৰী স্নেহা পাৰিকৰ ৷

নেশ্বনেল টেষ্টিং এজেন্সিয়ে অনুষ্ঠিত কৰা ‘জেইই-মেইন’ত গুৱাহাটীৰ স্নেহা পাৰিকে ৩০০ নম্বৰৰ পৰীক্ষাত টপাৰ ৩০০ নম্বৰেই লাভ কৰিবলৈ সক্ষম হয়। ৰাজীৱ কুমাৰ পাৰিক আৰু সবিতা পাৰিক সুযোগ্য পুত্ৰী স্নেহাই জইণ্ট এনট্ৰেন্স এগ্‌জামিনেশ্বনত দ্বিতীয়বাৰলৈ অৱতীৰ্ণ হৈ এই সফলতা লাভ কৰে। গুৱাহাটীৰ ছাই আৰ এন এছ একাডেমীৰ পৰা এইবাৰ স্নেহাই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে৷ দশম শ্ৰেণীৰ পৰীক্ষাত ৯৫ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈছিল মেধাৱী স্নেহা।  

No comments