Breaking News

দিনকদিনে বৃদ্ধি পাইছে গোলকীয় উষ্ণতা, সলনি হৈছে জলবায়ু!ইয়াৰ মুখ্য কাৰণ কি?



দিনকদিনে বৃদ্ধি পাইছে গোলকীয় উষ্ণতা, সলনি হৈছে জলবায়ু। ইয়াৰ মুখ্য কাৰণ পৃথিৱীৰ হাওঁফাওঁস্বৰূপ আমাজন বৰ্ষাৰণ্যত চলা অবাধ ধ্বংসযজ্ঞ। প্ৰাপ্ত পৰিসংখ্যাই অনুসৰি, বিগত পাঁচ দশকত আমাজন অঞ্চলৰ ১৭ শতাংশ অঞ্চলত গছ-গছনি কাটি  মুকলি কৰা হৈছে। যাৰ বাবে শেহতীয়া পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে পৰিৱেশবিদসকল। 

 ব্ৰাজিলৰ মহাকাশ সংস্থা ইনপেই প্ৰকাশ কৰিছে যে চলিত বৰ্ষৰ প্ৰথম ছমাহতে অভিলেখ সংখ্যক আমাজন বৰ্ষাৰণ্য মুকলি কৰা হৈছে। উপগ্ৰহৰ ছবিতো স্পষ্ট হৈ পৰিছে সমগ্ৰ দৃশ্যপট। উপগ্ৰহৰ চিত্ৰ অনুসৰি, চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত আমাজন বৰ্ষাৰণ্যত ৩,৯৮৮ বৰ্গ কিলোমিটাৰ গছ কটা হৈছে। পূৰ্বৰ তুলনাতকৈ এই বৰ্ষৰ প্ৰথম ছমাহতে ১০.৮ শতাংশ অধিক গছ কটা হৈছে।  কেৱল জুন মাহতেই ১,১২০ বৰ্গ কিলোমিটাৰ গছ কটা হৈছে বুলি প্ৰকাশ পাইছে। 

বৰ্ষাৰণ্যখনত চলাই বন ধ্বংসৰ মুখ্য কাৰণ হৈছে কয়লা আহৰণ কৰা। কিয়নো  বিশ্বৰ সৰ্ববৃহৎ বৰ্ষাৰণ্য আমাজন কয়লাৰ বাবে চহকী। কয়লা আহৰণৰ বাবেই নিৰন্তৰ চলি গৈছে বৰ্ষাৰণ্যখনত বনভূমি ধ্বংসৰ যজ্ঞলীলা। যাৰ বাবে এতিয়া ধ্বংসৰ ফলশ্ৰুতিত বৃদ্ধি পাইছে গোলকীয় উষ্ণতা, সলনি হৈছে জলবায়ু। ইফালে শেহতীয়া পৰিস্থিতিক লৈ অধিক চিন্তিত হৈ পৰিছে পৰিৱেশবিদসকল। 

No comments