Breaking News

অৱসৰপ্ৰাপ্ত শিক্ষক, সাংবাদিক হেমেন চন্দ্ৰ হাজৰিকাৰ দেহাৱসান



ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাৰ কেবাটাও কাৰ্যকালৰ কাৰ্যনিৰ্বাহক সদস্য, গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক , অৱসৰপ্ৰাপ্ত শিক্ষক, সাংবাদিক কমাৰগাঁও বছাপথাৰ নিবাসী হেমেন চন্দ্ৰ হাজৰিকা (৬৪)ৰ আজি বিয়লি ৫-৩০ বজাত চিকিৎসাধীন অৱস্থাত গুৱাহাটী মেডিকেল কলেজত মৃত্যু হয়। অবিবাহিত হাজৰিকাই দীৰ্ঘ কাল ধৰি অসম সাহিত্য সভাৰ লগত জড়িত আছিল।কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্হাৰ প্ৰতিস্থাপক সভাপতিৰ লগতে কমাৰগাঁও আঞ্চলিক মইনা পাৰিজাতৰ সম্পাদক পদত আছিল।মানৱদৰদি  হাজৰিকাৰ মৃত্যুত গোলাঘাট জিলাত শোকৰ ছাঁ পৰিছে। গোলাঘাট জিলা সাহিত্য সভাৰ দ্বাৰা পৰিচালিত দুটা বঁটাৰ বাবে  ন্যাস পুজিলৈ দান,কমাৰগাঁও অন্নপূনা নাট্য মন্দিৰলৈ দুকঠা মাটি দানকে ধৰি বহু অনুষ্ঠান প্ৰতিষ্ঠান লৈ দান দি আগবঢ়াইছে।কমাৰাগাঁৱৰ আইদেউ সন্দিকৈ সাংস্কৃতিক সংগ্ৰহালয় প্ৰতিষ্ঠাৰ লগত জড়িত আছিল।

No comments