Breaking News

ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাৰ বান সাহায্য প্ৰদান।



পঙ্কজ নাথ, কামৰূপঃ ভাৰতীয় চিকিৎসা সন্থাৰ অসম ৰাজ্যিক শাখাই ৰবিবাৰে গুৱাহাটী প্ৰসূতি আৰু স্ত্ৰী ৰোগ সন্থা, ভাৰতীয় চিকিৎসক সকলৰ অসম ৰাজ্যিক শাখা আৰু দিছপুৰ আই এম এৰ সহযোগত নলবাৰীৰ নিজ টাপা গাওঁৰ বানত আক্ৰান্ত লোকসকলৰ মাজত বান সাহায্য বিতৰণ কৰে। বান সাহায্য হিচাপে বিভিন্ন বস্তু যেনে- আঠুৱা, বিচনাৰ কাপোৰ, বস্ত্ৰ, ছাত্র- ছাত্ৰীৰ বাবে বহী- কলম, খোৱাপানীৰ বটল, ঔষধ, প্ৰসূতিৰ  বাবে প্ৰটিন যুক্ত দৰব আদি বিতৰণ কৰে । এই সাহায্য বিতৰণ কাৰ্য্যসূচীত ডাঃ অৰুণিমা  গোস্বামী, ডাঃ অপূর্ব কুমাৰ ভট্টাচার্য, ডাঃ নীলাক্ষি ফুকন কুমাৰ, ডাঃ জুতিকা ওজা, ডাঃ শিখা শৰ্মা, ডাঃ বিপুল কলিতা, ডাঃ হেমাঙ্গ বৈশ্য, ডাঃ ৰাজুমণি শৰ্মা আৰু ডা: আশা আগৰৱালে  অংশ গ্রহন কৰে। ২৫০ জনতকৈও অধিক বানাক্ৰান্তক সাহায্য আগবঢ়োৱা এই কাৰ্য্যসূচীত নলবাৰীৰ চক্র বিষয়া, গাঁওখনৰ গাওঁবুঢ়া তথা আন ব্যক্তি সকলে  চিকিৎসক সকলক সহযোগিতা আগবঢ়ায় বুলি জানিব পৰা গৈছে। ।

 

No comments