Breaking News

গোলাঘাটত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন

 গোলাঘাটত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন

নিৰ্ধাৰিত সীমাতকৈ উচ্চ গতিত গাড়ী চলোৱা চালকৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশ উপায়ুক্তৰ




ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় । উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত পথ দুৰ্ঘটনা ৰোধ কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয় । সভাত জিলা পৰিবহণ বিষয়া দিব্যজ্যোতি কাৰ্জীয়ে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত পাৱাৰপইন্ট প্ৰেজেণ্টেচনৰ সহায়ত বিতংভাবে বৰ্ণনা কৰে । তেওঁ জানিবলৈ দিয়ে যে যোৱা সময়ছোৱাত জিলাখনত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে । তেওঁ কয় যে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে জিলাখনত ৯৮ টা পথ দুৰ্ঘটনাত ৬০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬৭ জন লোক আহত হৈছে । বিগত বৰ্ষৰ একে সময়ছোৱাত ১১৭টা পথ দুৰ্ঘটনাত ৫৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬৪ জন লোক আহত হৈছিল । বৈঠকত ৰঙাজান তিনিআলি, মৰঙী চাৰিআলি, দৈগ্ৰুং তিনিআলি, পোৰাবাংলা তিনিআলি, তেলগৰম চাৰিআলি আৰু নুমলিগড় তিনিআলি আদি ক্ষেত্ৰ পৰিদৰ্শন কৰি জিলা পৰিবহণ বিষয়াগৰাকীয়ে এই স্থানসমূহত তথা কাষৰীয়া কেতবোৰ অঞ্চলত পথ সুৰক্ষাৰ বাবে উপযুক্ত দিশ নিৰ্দেশক(sign board), গতিৰ নিৰ্দিষ্ট সীমাসূচক(speed limit sign), ন' পাৰ্কিং আৰু ন' ষ্টপিং এলেকা নিৰ্ধাৰণ, পথচাৰীৰ পথ পাৰ হোৱাৰ ব্যৱস্থা (pedestrian crossing), গতি নিয়ন্ত্ৰণৰ বাবে ৰাম্বল ষ্ট্ৰীপ( rumble strip), দুৰ্ঘটনাপ্ৰৱণ এলেকাৰ নিৰ্দিষ্ট চিহ্ন, গ্ৰাম্য এলেকাত গতিৰোধক (speed breaker) ৰ ব্যৱস্থা কৰা আদিৰ বিষয়ে অৱগত কৰে । 


বৈঠকত উপায়ুক্তগৰাকীয়ে বিশেষভাবে ৰাষ্ট্ৰীয় ঘাইপথ এলেকাত সংঘটিত দুৰ্ঘটনাৰ প্ৰসংগত উচ্চ গতিৰ বাবেই অধিক সংখ্যক দুৰ্ঘটনা সংঘটিত হোৱা বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰে । তেওঁ নিৰ্ধাৰিত গতিতকৈ উচ্চ মাত্ৰাত গাড়ী চলোৱা চালকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে । লগতে নুমলীগড়, দেৰগাঁও আদি ৰাষ্ট্ৰীয় ঘাইপথ এলেকাৰ বেয়া হৈ থকা পথসমূহ অতি সোনকালেই মেৰামতি কৰি দিশ নিৰ্দেশক আদিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে জীৱনৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ হোৱা উচিত । জিলাখনত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা পথ সুৰক্ষা বাহিনী প্ৰসংগত তেওঁ কয় যে দুৰ্ঘটনাগ্ৰস্ত লোক এজনৰ বাবে এক মিনিট সময়ো মূল্যবান হ'ব পাৰে । এইক্ষেত্ৰত যিসকল লোকে স্বেচ্ছাই পথ সুৰক্ষা বাহিনীত অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ এই কৰ্মৰ দ্বাৰা সমাজত সকলোৰে মনত সেৱাৰ মনোভাৱ জাগ্ৰত হ'ব বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যাতে অবৈধ পাৰ্কিং হ'ব নোৱাৰে তাৰ বাবেও ব্যৱস্থা ল'বলৈ আৰক্ষীক আহ্বান জনায় । সুৰাপান কৰি গাড়ী চলোৱা প্ৰসংগত তেওঁ কোনো বাছচালকেও যাতে সুৰপান কৰি গাড়ী নচলায় সেয়া সুনিশ্চিত কৰাৰ বাবে অভিযান চলাবলৈ নিৰ্দেশ দিয়ে । তেওঁ পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে জনসাধাৰণক সামাজিকভাবে সচেতন হ'বলৈ আহ্বান জনায় । 


বৈঠকত স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই সভাত অংশ লোৱা পথ সুৰক্ষা বাহিনীৰ সদস্যসকলক উদ্দেশ্যি কয় যে তেওঁলোকক পথ দুৰ্ঘটনাত পতিত হোৱা লোক এজনক উদ্ধাৰ কৰাৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক চিকিৎসা আৰু উপায়সমূহৰ বিষয়ে বিস্তৃতভাবে জ্ঞান দিয়া হ'ব । দেৰগাঁও, গোলাঘাট, সৰুপথাৰ আৰু বোকাখাত সমূহীয়া স্বাস্থ্য কেন্দ্ৰত পৰ্যায়ক্ৰমে ৭ৰ পৰা ১০ দিন প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে পথ দুৰ্ঘটনাত পতিত হোৱা লোকক উদ্ধাৰ তথা প্ৰাথমিক চিকিৎসা প্ৰদান সম্পৰ্কীয় হাতপুথিখনৰ বিষয়েও অৱগত কৰে । অহা ১৫ আগষ্টত হিন্দী আৰু অসমীয়াত এই হাতপুথিখন প্ৰকাশ কৰা হ'ব । 


আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্তদ্বয় কুলদীপ হাজৰিকা আৰু ডঃ সংগীতা বৰঠাকুৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত, বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা, ৰাষ্ট্ৰীয় ঘাইপথ, লোকনিৰ্মাণ (পথ), দুৰ্যোগ ব্যৱস্থাপনা, আবকাৰী, আৰক্ষী, যানবাহন আৰক্ষী আৰু কেইবাটাও বিভাগৰ বিষয়াসকল উপস্থিত আছিল ।


সভাৰ পিছতেই গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত পথ সুৰক্ষা বাহিনীৰ সদস্যসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় । উল্লখযোগ্য যে প্ৰতিখন থানা আৰু আৰক্ষী চকীৰ অধীনত ৫ জনকৈ লোকক পথ সুৰক্ষা বাহিনীত অন্তৰ্ভুক্ত কৰা হৈছে ।

No comments