Breaking News

বিতৰ্কৰ আৱৰ্তত আসাম পেট্ৰ`লিয়াম মজদুৰ ইউনিয়ন



ৰবীন মৰাণ, পেঙেৰীঃ ভাৰতীয় তেল কোম্পানীসমূহৰ টেংকাৰ চালক আৰু সহায়ক সকলৰ স্বাৰ্থ সুৰক্ষাৰ্থে গঠিত আসাম পেট্ৰ`লিয়াম মজদুৰ ইউনিয়নৰ শেহতীয়া কাৰ্যকলাপে ঐতিহাসিক সংগঠনটোৰ গৰিমাত কুঠাৰাঘাত কৰিছে। বিশেষকৈ সংগঠনটোৰ উজনি অসমৰ সভাপতি ৰঞ্জন চৌধুৰী আৰু ৰাজ্যিক সাধাৰণ সম্পাদক ৰমেন দাসৰ মাজত অব্যাহত থকা মত পাৰ্থক্যই তেনে ইঙ্গিতকেই প্ৰতিপন্ন কৰিছে। উল্লেখ্য যে সংগঠনটোৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত আছে মৰিগাঁ‌ৱৰ প্ৰাক্তন বিধায়ক মুনিন মহন্ত। তথ্য অনুসৰি ১৯০১ চনত ডিগবৈ স্থাপিত হয় ভাৰতবৰ্ষৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয়টো তেল শোধনাগাৰ। ইয়াৰ সতে সঙ্গতি ৰাখি ১৯২৭ চনত তিনিচুকীয়াৰ শ্ৰীপুৰীয়া নামৰ ঠাইত স্থাপন কৰা হৈছিল ডিজেল-পেট্ৰ`ল সংৰক্ষণ আৰু বিতৰণৰ টাৰ্মিনেল। পৰৱৰ্ত্তী সময়ত টাৰ্মিনেলৰ ওচৰে পাজৰে জনবসতি বৃদ্ধি পোৱাৰ লগতে উদ্যোগনগৰী তিনিচুকীয়াত সৃষ্টি হোৱা অভাৱনীয় যানজঁ‌টৰ প্ৰতি লক্ষ্য ৰাখি ২০১৮ বৰ্ষত ডিগবৈৰ গোলাইলৈ স্থানান্তৰিত কৰা হয় টাৰ্মিনেলটো। উল্লেখ্য যে চৰম বিতৰ্কৰ মুৰকত গোলাইৰ বন্যহস্তীৰ দণ্ডি (এলিফেণ্ট ক'ৰিডৰ) স্থিত স্থানত নিৰ্মাণ কৰা হ'ল টাৰ্মিনেলটো। টাৰ্মিনেল স্থাপিত হোৱাৰ লগে লগে স্থানীয় লোকক লৈ গঠন কৰা হৈছিল গোলাই এছ`চিয়েচন নামৰ এটা সংগঠনটো। লগে লগে আৰম্ভ হ'ল প্ৰতিখন টেংকাৰৰ পৰা দৈনিক ২০০ টকা পৰ্যন্ত গোলাই এছ`চিয়েচনৰ নামত নীতি বহিৰ্ভূত গুণ্ডা কৰ সংগ্ৰহৰ প্ৰক্ৰিয়া। তদুপৰি তিনিচুকীয়া টাৰ্মিনেলত কৰ্মৰত ঠিকা শ্ৰমিকসকলক ডিগবৈৰ কৰ্মক্ষেত্ৰত যোগদানৰ বেলিকাও বাধা আৰোপ কৰা হ`ল সংগঠনটোৰ জৰিয়তে। উক্ত বিষয়সমূহে তেতিয়া সংবাদ শিৰোনামো দখল কৰিছিল। মনকৰিবলগীয়া কথা যে উক্ত ঘটনা সন্দৰ্ভত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই বিধান সভাৰ মজিয়াত প্ৰশ্ন উত্থাপনো কৰিছিল। শেষত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপত গুণ্ডা কৰ সংগ্ৰহৰ প্ৰক্ৰিয়া বন্ধ হৈছিল। কিন্তু বঞ্চিত ঠিকা শ্ৰমিক সকলে অদ্যাপি চাকৰিত যোগদানৰ সুবিধা নাপালে। ইয়াৰ বাবে দায়ী কোন? পেট্ৰ`লিয়াম সংগঠনটোৰ উজনি অসমৰ সভাপতি ৰঞ্জন চৌধুৰীৰ অভিযোগ মতে বিগত পাঁ‌চ বছৰীয়া যুৰ্যোগৰ কালছোৱাত আসাম পেট্ৰ`লিয়াম মজদুৰ ইউনিয়নৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰমেন দাসক ডিগবৈত ভৰি দিয়া দেখা নগ`ল। বিগত কালছোৱাত সংগঠনটোৰ উজনি অসমৰ সভাপতি হিচাপে ৰঞ্জন চৌধুৰী (বিশিষ্ট প্ৰৱন্ধকাৰ)-এই সংগঠনটোৰ স্থায়িত্ব আৰু সক্ৰিয়তাৰ স্বাৰ্থত টেংকাৰ চালক আৰু সহায়ক সকলৰ সুবিধাৰ্থে পৰিশ্ৰম কৰি আহিছে বুলি দাবী কৰিছে। তেওঁ জনোৱা মতে যোৱা ২ জুন, ২০২২ তাৰিখে মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ ওচৰত সংগঠনটোৰ স্থায়ী কাৰ্যালয় আৰু জিৰণি চ`ৰা নিৰ্মাণৰ বাবে টাৰ্মিনেলৰ কাষতে এবিঘা  চৰকাৰী মাটিৰ আৱন্টন বিচাৰি আৱেদনো কৰিছিল। চৌধুৰীৰ অভিযোগ মতে সংগঠনটোৰ স্বাৰ্থ জড়িত থকা উক্ত পদক্ষেপতো সংগঠনটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰমেন দাসৰ শেন চকু পৰিছে। কাৰণ সংগঠনটোৰ নামত ডিগবৈত কাৰ্যালয় হ`লে উজনি অসমৰ সভাপতি চৌধুৰীৰ আধিপত্য বৃদ্ধি পোৱাৰ বিপৰীতে ৰাজ্যিক সাধাৰণ সম্পাদক দাসৰ প্ৰাধান্য নোহোৱা হৈ পৰিব। অভিযোগ মতে ৰমেন দাসৰ সেউজ সংকেত মতেই গোলাই এছ`চিয়েচনে পুনৰ গুণ্ডা কৰ সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে। উল্লেখ্য যে যোৱা ২৭ জুন, ২০২২ তাৰিখে একাংশ বিতৰ্কিত সদস্য আৰু টেংকাৰ চালকক সাৰথি হিচাপে লৈ ৰাজ্যিক সাধাৰণ সম্পাদক ৰমেন দাসে গোলাই এছ`চিয়েচনৰ এক নতুন সমিতি গঠন কৰিছে, যিটো শ্ৰমিক সকলৰ বাবে অশনি সংকেত হিচাপে পৰিগণিত হৈছে। উল্লেখ্য যে ২০০২ৰ গুজৰাত কাণ্ড সন্দৰ্ভত যোৱা ২৫ জুন, ২০২২ তাৰিখে বিশিষ্ট সাংবাদিক তথা চি জে পি নেত্ৰী তীস্তা ছিটলৱাড়ৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে কৃষক সংগঠন, ট্ৰেড ইউনিয়ন, বাঁওপন্থী, বিৰোধী দলকে ধৰি বিভিন্ন সংগঠনে ২৭ জুন, ২০২২ তাৰিখে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল, তেনে সময়তে ৰমেন দাসে গোলাই এছ`চিয়েচন গঠনত ব্যস্ত আছিল। অইল শ্ৰমিকসকলে ৰমেন দাসৰ ইতিহাসো জনা উচিৎ বুলি উজনিৰ সভাপতি ৰঞ্জন চৌধুৰীয়ে মন্তব্য কৰি কয় যে ৰমেন ওৰফে ৰমেন্দু দাস দৰাচলতে বৰাক উপত্যকাৰ বাসিন্দা। তেওঁ আসাম পেট্ৰ`লিয়াম মজদুৰ ইউনিয়নৰ প্ৰতিষ্ঠাপক প্ৰয়াত অজিত সিংহৰ গুৱাহাটীৰ মাজমজিয়া পল্টন বজাৰস্থিত মজদুৰ হোটেল নামৰ দোকানখনৰ কৰ্মচাৰী আছিল। চৌধুৰীৰ অভিযোগ মতে ৰমেন দাসে এসময়ত শ্ৰমিক নেতা তথা হোটেলখনৰ স্বত্বাধিকাৰ অজিৎ সিংহক বিশ্বাসঘাতকতা কৰিছিল।  সেইজন বিশ্বাসঘাতক ৰমেন দাসেই পৰৱৰ্ত্তী সময়ত সংগঠনটোৰ সাধাৰণ সম্পাদকৰ উপৰি নিখিল ভাৰত ট্ৰেড ইউনিয়নৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক আৰু চি পি আইৰ অন্যতম ৰাজ্যিক সদস্য সচিব আদিৰ দায়িত্ব লাভ কৰে। অভিযোগ মতে উক্ত পদবী প্ৰাপ্তিৰ পাছতে ৰমেন দাসে হকে-বিহকে ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণৰ জৰিয়তে পেট্ৰ`লিয়াম মজদুৰ সকলক পণ বন্দী কৰি ৰাখিছে। বিপৰীতে টেংকাৰ চালক-সহায়ক কিম্বা মজদুৰ সকলৰ দৰমহা বৃদ্ধিকে ধৰি অন্যান্য সা-সমস্যাসমূহ সমাধানৰ স্বাৰ্থত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। চৌধুৰীৰ বিস্ফোৰক অভিযোগ- ৰমেন দাসে টেংকাৰ চালকসকলক তেল চুৰি কাৰ্যত লিপ্ত হ`বলৈহে উৎসাহিত কৰা দেখা গৈছে। উল্লেখযোগ্য যে চি আই টি ইউৰ অন্তৰ্ভুক্ত মটৰ শ্ৰমিক সংস্থাই ইতিমধ্যে অইলৰ কৰ্মৰত চালক সকলৰ বাবে ন্যুনতম দৰমহা, ভৱিষ্য নিধি আদি পোৱাত সহযোগিতা আগবঢ়াই আহিছে। বিপৰীতে বিগত কেইবছৰমান ৰমেন দাস নামৰ শ্ৰমিক নেতাজনে নুললিগড় শোধনাগাৰকে ধৰি বিভিন্ন টাৰ্মিনেলত শ্ৰমিকৰ পৰস্পৰৰ মাজত বিভেদৰ সৃষ্টি কৰি ন্যস্তস্বাৰ্থ সিদ্ধি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু সংগঠনটোৰ দুই মুৰব্বীৰ মাজৰ স্ববিৰোধী কথা এইটোহে যে উজনিৰ সভাপতি গৰাকীয়ে টেংকাৰ চালকৰ সহযোগত যোৱা ২০১৮ বৰ্ষত গোলাই এছ`চিয়েচনে প্ৰতিখন ট্ৰাকৰ পৰা ২০০ টকাকৈ গুণ্ডা কৰ সংগ্ৰহ কৰা কাৰ্যৰ বিৰুদ্ধে যুঁজ দিয়া বুলি দাবী কৰাৰ বিপৰীতে সম্প্ৰতি ৰাজ্যিক সাধাৰণ সম্পাদকজনে টেংকাৰ চালক সকলক গোলাই এছ`চিয়েচন নামৰ সংগঠনটোৰ এচাম কৰ্মকৰ্তাৰ ওচৰত বিক্ৰী কৰি দিছে বুলি কৰা অভিযোগ। ৰঞ্জন চৌধুৰীৰ মতে ৰমেন দাসে ৰঙা ঝাণ্ডা লৈ ভেল্কীবাজি কৰি আছে।

No comments