Breaking News

দক্ষিণ আফ্ৰিকাৰ বাৰত গুলীচালনাঃ ১৪ জন নিহত, ৩ জন গুৰুতৰভাৱে আহত



দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ চৱেটো টাউনশ্বিপৰ এখন বাৰত সংঘটিত এক গুলীচালনাৰ ঘটনা। উক্ত ঘটনাত কমেও ১৪ জন নিহত হোৱাৰ বিপৰীতে কেইবাজনো লোক গুৰুতৰভাৱে আহাত হোৱা বুলি এক সূত্ৰে জানিব পৰা হৈছে। ঘটনাস্থলীত  আৰক্ষীয়ে উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে। গুৰুতৰভাৱে আহত কেইজনক ক্ৰিছ হানি বাৰাগৱানাথ চিকিৎসালয়লৈ ভৰ্তি কৰোৱা হৈছে। 

 হঠাতে বাৰত গুলীবৰ্ষণৰ শব্দ শুনিছিল, আৰু তেতিয়াই মানুহে বাৰখনৰ পৰা  পৰা দৌৰি যাবলৈ চেষ্টা কৰিছিল। উদ্দেশ্য কি, আৰু আক্ৰমণকাৰীয়ে কিয় এই লোকসকলক লক্ষ্য কৰি গুলীচালনা কৰিছিল তাৰ সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।


No comments