Breaking News

২৪ জুলাইত ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাৰ ৭৫ সংখ্যক জন্ম দিৱস উদযাপনৰ প্ৰস্তুতি। কেইবাগৰাকী শিল্পী-সাহিত্যিলৈ ‘ৰঞ্জু হাজৰিকা বৰেণ্য বঁটা’ ।



ৰঞ্জন গোস্বামী, কলিয়াবৰঃ চাইনিং গ্ৰীণ আছিয়ানা  ৱেলফেয়াৰ  ফাউণ্ডেশ্যনৰ ব্যৱস্থাপনাত অহা ২৪ জুলাইত অসমৰ জনপ্ৰিয় ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাৰ ৭৫ তম জন্ম দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰাৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।বুলি আজি এক সংবাদ মেল যোগে এই কথা ঘোষণা কৰিছে গ্ৰীণ আছিয়ানাৰ অধ্যক্ষ ড০ কিশোৰ হাজৰিকাই।

"বহুৰূপী" ৰ পৰা "বিচ্ছুৰিত প্ৰেমৰ বৰ্ণালী" শীৰ্ষক ৰহস্য ঘন উপন্যাসলৈকে ৭৫০ খন গ্ৰন্থৰে অসমীয়া সাহিত্য জগতত এক বৰ্ণিল ইতিহাস ৰচনা কৰা ৰহস্য সাহিত্যিক গৰাকীৰ জন্ম দিৱসৰ এক বিশেষ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব বিশিষ্ট সাংবাদিক সমালোচক হাইদৰ হুছেইন, শিক্ষাবিদ ডঃ দয়ানন্দ পাঠক, ডঃ দিলীপ বৰা, বাসুদেব শৰ্মা, পংকজ বৰুৱা,  আৰু অকণিৰ সাহিত্য সভা, নগাঁৱৰ দুলাল বৰাই। উক্ত অনুষ্ঠানতে অসমৰ জনপ্ৰিয় গায়ক ক্ৰমে দীক্ষু, প্ৰিয়ংকা ভৰালী, সাহিত্যিক বীনা পানী মহন্ত, নিতুল চাংমাই, অভিনেতা কেনি বসুমতাৰী, মণিকাঞ্চন কোঁৱৰ, শিশু শিল্পী নয়নমণি মূড়াক ৰঞ্জু হাজৰিকা বৰেণ্য বঁটা প্ৰদান কৰা হ'ব। বিশিষ্ট সাহিত্যিক গৰাকীৰ জন্ম দিন উপলক্ষে ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনলাইন যোগে সদৌ অসম ভিত্তিত এখনি চিত্ৰাংকন প্ৰতিযোগিতাও আয়োজন কৰা হৈছে। ৮৪৭৪০৭২০২২ ফোন নম্বৰত  হোৱাটছএপ যোগে ১৫ জুলাই ভিতৰত ছবি সমূহ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে চাইনিং  গ্ৰীণ আছিয়ানাৰ সঞ্চালিকা  স্নিগ্ধা জ্যোতি গোস্বামীয়ে। 

No comments