Breaking News

বিশিষ্ট কবি, সাহিত্যিক, সাংবাদিক তথা শিক্ষাবিদ উপেন দত্তৰ দেহাৱসান



গোলাঘাটৰ সমাজ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত গোলাঘাট নগৰৰ শান্তিপুৰত,৩ নং ৱাৰ্ডৰ নিবাসী, প্ৰবীণ সাংবাদিক, শিক্ষাবিদ উপেন দত্তৰ আজি বাৰ্ধক্যজনিত কাৰণত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। দত্তৰ মৃত্যুৰ সময়ত বয়স আছিল ৮২ বছৰ। দত্তই উপন্যাসকে ধৰি,জীৱনী গ্ৰন্থ, বিজ্ঞান বিষয়ৰ গ্ৰন্থ ,কবিতা পুথি আদি বিশখনৰো অধিক গ্ৰন্থ ৰচনা কৰি সাহিত্য জগতখনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। 

১৯৪০ চনত ঢেকিয়ালত জন্মলাভ কৰা উপেন দত্তই স্কুলীয়া শিক্ষা ঢেকিয়ালতে সাং কৰি যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বুৰঞ্জী বিভাগত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত এম,এড আৰু বি,টি ডিগ্ৰীও লাভ কৰে । 

ঢেকিয়াল হাইস্কুলত চাকৰী জীৱনৰ পাতনি মেলি  ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰূপে ২০০০চনত অৱসৰ গ্ৰহণ কৰে । অৱসৰৰ পাছত গোলাঘাটৰ বি,এড কলেজত কিছুদিন অধ্যাপনা কৰিছল । ১৯৮৬ চনত তেখেতে ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু জনসংখ্যা শিক্ষাৰ সমল ব্যক্তি ৰূপেও কাৰ্যনিবাহ কৰিছিল । তেখেতে অসম ট্ৰিবিউন আৰু নৰ্থ ইষ্ট টাইমছৰ সংবাদ দাতা ৰূপে ১৯৯০ চনৰ পৰা ২০১৮ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। 

ইফালে দত্তই সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো নিবিড়ভাৱে জড়িত আছিল। তেখেত গোলাঘাট কবি চক্ৰকে আদি কৰি কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানৰ সভাপতি ৰূপে দায়িত্ব পালন কৰিছিল।  প্ৰায় দুহেজাৰো অধিক প্ৰৱন্ধ অসমৰ বিভিন্ন সংবাদ পত্ৰ, আলোচনী আদিত প্ৰকাশ পাইছে।  

তেখেতৰ মৃত্যু গোলাঘাটৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে গোলাঘাট মহিলা নাগৰিক মঞ্চৰ সভানেত্ৰী তথা লেখক জীনা বৰুৱা, গোলাঘাট প্ৰবীণ শিল্পী মঞ্চৰ সভানেত্ৰী ড০ লুকুমণি গোস্বামী,  জননী লাইভৰ মুখ্য সম্পাদক তথা প্ৰবীণ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী, ভাজপা, কৃষক মৰ্চা, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দেৱজিৎ বৰা আদিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। 


No comments