Breaking News

হিমা দাসক অভিনন্দন জনাই ট্ৰ’ল হ’ল একালৰ বিস্ফোৰক বেটচমেন বীৰেন্দ্ৰ ছেহৱাগ



হিমা দাসক অভিনন্দন জনাই ট্ৰ’লৰ সন্মুখীন প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ।  বীৰেন্দ্ৰ ছেহৱাগে হিমা দাসক স্বৰ্ণ জয়ৰ বাবে ভুলকৈ শুভেচ্ছা জনাইছে এই ট্ৰ'লৰ সন্মুখীন হৈছে। ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগকে কমনৱেলথ গেমছ ২০২২ ত স্বৰ্ণ জয় কৰাৰ বাবে এথলীট হিমা দাসক ভুলকৈ অভিনন্দন জনাইছিল যাৰ পিছতে  ট্ৰ'লৰ সন্মুখীন হয় প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী। 

প্ৰাক্তন অপেনাৰজনে বাৰ্মিংহামত এথলেটিকছ ইভেণ্ট আৰম্ভ হোৱাৰ আগতেই দৌৰবিদজনক শুভেচ্ছা জনাইছিল।




ছেহৱাগে টুইট কৰিছিল "কি জয়! ভাৰতীয় খেলুৱৈসকল সম্পূৰ্ণৰূপে উপস্থিত হৈছে। কমনৱেলথ গেমছত ৪০০ মিটাৰত স্বৰ্ণ জয় কৰাৰ বাবে হিমা দাসক বহুত অভিনন্দন। ফকৰ হে," ।


অৱশ্যে চেহৱাগে পিছত তেওঁৰ টুইটটো ডিলিট কৰি দিয়ে আৰু সংকেত মহাদেৱ সাৰ্গৰক অভিনন্দন জনায়। সংকেত মহাদেৱ সাৰ্গৰে চলিত প্ৰতিযোগিতাত ভাৰতৰ প্ৰথম পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

No comments