Breaking News

ডিপিত ২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ত্ৰিৰংগা পতাকা ৰখিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মো়ডীৰ



আজি ৯০ সংখ্যক “মনকি বাত” অনুষ্ঠান দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । “মনকি বাত” অনুষ্ঠান সম্বোধন কৰি ইয়াৰ মাজতে স্বাধীনতা সংগ্ৰামৰ শ্বহীদ উধম সিঙে দেশৰ বাবে কৰা ত্যাগক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰী মোডীয়ে মনকি বাত অনুষ্ঠানত মন্তব্য কৰি কয়  যে , “ স্বাধীনতাৰ অমৃত মহোৎসৱৰ অধীনত ১৩ ৰ পৰা ১৫ আগষ্টলৈ এক বিশেষ উৎসৱৰ আয়োজন কৰা হৈছে আৰু  ‘হৰ ঘৰ তিৰঙ্গা- হৰ ঘৰ তিৰঙ্গা’ৰ ব্যৱস্থা কৰা হৈছে  । এই উৎসৱৰ অংশ হিচাপে  ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ আপোনালোকে ঘৰত ত্ৰিৰংগা উত্তোলন কৰিব লাগিব নাইবা ত্ৰিৰংগা আপোনালোকৰ  ঘৰত ৰাখিব লাগিব।”

উল্লেখ্য যে ২ আগষ্টত ত্ৰিৰংগা পতাকাৰ নক্সা তৈয়াৰ কৰা পিঙ্গালী ভেংকায়াৰ জন্মজয়ন্তী । সেয়েহে প্ৰধানমন্ত্ৰী মোডীয়ে সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলক উদ্দেশ্যি  ২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ নিজৰ ডিপিত  ত্ৰিৰংগা পতাকা ৰখিবলৈ আহ্বান জনায়। 


No comments