Breaking News

দেৰগাঁৱৰ কুৰিঘৰীয়াত গ্ৰাম্য সংগঠনৰ সম্পাদিকা সন্ধানহীন ।

 


ডিজিটেল সংবাদ,দেৰগাঁওঃ দেৰগাঁৱৰ কুৰিঘৰীয়াত গ্ৰাম্য সংগঠনৰ সম্পাদিকা সন্ধানহীন ।দেৰগাঁৱৰ ভিতৰুৱা কুৰিঘৰীয়াৰ পৰা সন্ধানহীন হৈ পৰিছে এগৰাকী গ্ৰাম্য সংগঠনৰ সম্পাদিকা। সন্ধানহীন বিবাহিতা মহিলা জোৎস্না বেগমে জাগৰন গ্ৰাম্য সংগঠনত সম্পাদিকাৰ দায়িত্ব পালন কৰি আহিছিল। প্ৰাপ্ত তথ্য মতে দেৰগাঁৱৰ কুৰিঘৰীয়াৰ জেহিৰ আহমেদৰ পত্নী জোৎস্না বেগমে সোমবাৰে ঘৰৰ পৰা গোলাঘাটৰ বেংকলৈ আত্মসহায়ক গোটৰ বিশেষ কামত ওলাই গৈছিল। বিয়লি শেষবাৰৰ বাবে স্বামী তথা পৰিয়ালৰ লগত যোগাযোগ হৈছিল জোৎস্নাৰ। ঘৰলৈ ঘুৰি  নহাত স্বামীয়ে কেইবাৰো পত্নীলৈ ফোন কৰিছে যদিও এই পৰ্য্যন্ত যোগাযোগ কৰিব পৰা নাই জোৎস্নাৰ সৈতে। এতিয়া জোৎস্নাৰ স্বামীৰ লগতে চিন্তিত হৈ পৰিছে পৰিয়াল বৰ্গ। ইতিমধ্যে জোৎস্না নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত স্থানীয় চোমণি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে জোৎস্নাৰ স্বামীয়ে।  এটা গ্ৰাম্য সংগঠনৰ গুৰুত্বপূৰ্ণ দায়িত্বত জড়িত এগৰাকী মহিলা কিয় সন্ধানহীন হ'ল সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে অঞ্চলজুৰি।  স্বামীৰ লগতে পৰিয়ালবৰ্গই জোৎস্নাক   সোনকালে ঘুৰি আহিবলৈ আহ্বান জনাইছে। 

No comments