Breaking News

এজাক বৰষুণতে সোনাৰি নগৰত কৃৰ্ত্ৰিম বান সৃষ্টি।

 


ডিজিটেল সংবাদ, সোণাৰিঃএজাক বৰষুণতে সোনাৰি নগৰত কৃৰ্ত্ৰিম বান সৃষ্টি। চৰাইদেউ জিলাৰ সদৰ নগৰী সোনাৰি নগৰত আজি পুৱতি নিশাৰে পৰা হোৱা এজাক মুষলধাৰ বৰষুণৰ  ফলত নগৰ খনৰ ধোদৰ‌আলিৰ লগতে উপ পথ সমুহ পানীৰ তলত ডুব যায় । পৌৰসভাৰ গাফিলতিৰ বাবে সোনাৰীবাসী ৰাইজে জীয়াতু ভুগিব লাগিয়াত পৰিছে । নগৰখনৰ মাজ মজিয়াত থকা ধোদৰ‌আলিৰ কাষৰ বহু দোকানৰ ভিতৰত পানী সোমোৱাত বিস্তৰ ক্ষতি সাধন হোৱা বুলি ৰাইজে অভিযোগ কৰিছে । নগৰখনৰ মুল নলা সমুহ পৰিস্কাৰ নকৰাৰ ফলতে বৰষুণৰ পানী ওলাই যাব নোৱাৰ বাবে এনেদৰে কৃৰ্ত্ৰিম বানৰ সৃষ্টি হয় । শুৱনি কোঠাৰ পৰা ৰান্ধনীশাল লৈকে  বহু পৰিয়ালৰ বাসগৃহ কৃত্ৰিম বানত ডুব গৈছে ।  সভা সমিতিয়ে কথাৰে ফুলজাৰি মৰা সাংসদ গৰাকীৰ গৃহ নগৰী খনৰ উন্নয়নৰ আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ।  ইফালে স্থানীয় বিধায়ক গৰাকীয়ে ও নগৰ খনৰ নলা নৰ্দমা সমুহ পকীকৰণ তথা পৰিকল্পিত ভাবে পানী নিস্কাষণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ।   নব গঠিত পৌৰসভাখনে সোনাৰিৰ কৰদাতা জনসাধাৰণৰ ওপৰত পূৰ্বৰ কৰৰ নিৰিখ দুই তিনি গুণ লৈ বৃদ্ধি কৰি কৰদাতা ৰাইজক মাধমাৰ শুধাই অহাৰ সময়তে পৌৰসভাৰ গাফিলতিৰ বাবে নলাৰ পানী দোকানত সোমাই ক্ষতিগ্ৰস্ত কৰাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে ।

No comments