Breaking News

নামঘৰীয়া’ৰ স্ৰষ্টা অতুলানন্দ গোস্বামীৰ দেহাৱসান…



বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ দেহাৱসান। কিছুদিন ধৰি চিকিৎসাধীন হৈ আছিল অতুলানন্দ গোস্বামী। বুধবাৰে পুৱতি নিশা প্ৰায় ৪.৪০ মিনিটত জিএম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিক গৰাকীয়ে। মৃত্যুৰ সময়ত বয়স আছিল ৮৭ বছৰ।


অসমীয়া সাহিত্যত গল্পকাৰ, ঔপন্যাসিক, অনুবাদক হিচাপে পৰিচিত গোস্বামী এসময়ত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ যোগে প্ৰচাৰ হোৱা অতি জনপ্ৰিয় ধাৰাবাহিক ‘নামঘৰীয়া’ আছিল তেখেতৰে বহু জনপ্ৰিয় উপন্যাসৰ নাট্যৰূপ। ১৯৮৯ চনত প্ৰকাশ পাইছিল এই জনপ্ৰিয় গ্ৰন্থখন। অতুলানন্দ গোস্বামী অসমীয়া সাহিত্য জগতৰ এগৰাকী বলিষ্ঠ গল্পকাৰ, ঔপন্যাসিক আৰু বিশিষ্ট অনুবাদক আছিল। অসমীয়া সাহিত্যৰ অন্যতম শক্তিশালী গল্পকাৰ তথা ঔপন্যাসিক তেওঁ।   ‘হামদৈ পুলৰ জোন’, ‘চেনেহ জৰীৰ গাঁথি’‘ৰাজপাট’, ‘পলাতক’, ‘আশ্রয় আদি অপূৰ্ব সৃষ্টি।

বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যু অসমীয়া সাহিত্য ক্ষেত্ৰখনৰ এক অপূৰণীয় ক্ষতি।


No comments