Breaking News

অসমত স্থাপন কৰা চাৰিখন টোলগেট বন্ধ হোৱাৰ পথত



ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিধি উলংঘা কৰি অসমত স্থাপন কৰা চাৰিখন টোলগেট বন্ধ হোৱাৰ পথত।  সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিধি উলংঘা কৰি নিৰ্মাণ কৰা দেশৰ ১৮৯ খন টোলগেট চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত চাৰিখন আছে অসমৰ টোলগেট। তথ্যৰ অধিকাৰ আইনৰ জৰিয়তে এই তথ্য উদঘাটন কৰিছে গ্লবেল পেনডেমিক ৰেচপনছ ফ’ৰাম নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে। 

প্ৰতিখন টোলগেটৰ মাজৰ ব্যৱধান ৬০ কিলোমিটাৰ থাকিব লাগে, কিন্তু এই নিয়ম উলংঘা কৰা দেশৰ ১৮৯ খন চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত অসমৰ চাৰিখন টোলগেট আছে। 

অসমৰ মদনপুৰ আৰু নাজিৰাখাটত স্থাপন হোৱা দুখন টোলগেটৰ মাজৰ ব্যৱধান হল ৫৯ কিলোমিটাৰ। তদুপৰি দাহালপাৰা আৰু পাটগাঁৱত স্থাপন হোৱা টোলগেট দুখনৰ মাজৰ ব্যৱধান হল ৫৪ কিলোমিটাৰ। মিকিৰআটি আৰু ৰহাত স্থাপন হোৱা টোলগেট দুখনৰ মাজৰ ব্যৱধান হ’ল ৫৩ কিলোমিটাৰ আৰু গলিয়া আৰু দাহালপাৰাৰ মাজত স্থাপন হোৱা টোলগেট দুখনৰ ব্যৱধান হল ৪৬ কিলোমিটাৰ।

No comments