Breaking News

গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ




গোলাঘাট নগৰত অৱস্থিত বাণিজ্য আৰু কলা শিক্ষাৰ অন্যতম্ কেন্দ্ৰস্থল গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগত ২০২২-২৩ শিক্ষাবৰ্ষৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত নিয়মীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ লোৱা হৈছে। ইতিমধ্যে মহাবিদ্যালয়খনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এইক্ষেত্ৰত আনুষ্ঠানিকভাৱে অনুমতি লাভ কৰিছে।  উল্লেখ্য যে সোণালী জয়ন্তী বৰ্ষত উপনীত হোৱা মহাবিদ্যালয়ত  ২০১৭-১৮ শিক্ষাবৰ্ষৰ পৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত বাণিজ্য বিভাগৰ নিয়মীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম চলি আছে। মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্ত্তি কৰিবলৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলক অধিক জানিবৰ বাবে মহাবিদ্যালয়ৰ কাৰ্যালয়ত  অথবা মবাইল নম্বৰ  ৯৪০১১১৪৪৫০ আৰু ৯৯৫৪৫৩৮৯৮৬ ত যোগাযোগ কৰিবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষই আহ্বান কৰিছে।

No comments