Breaking News

ৰজাবাৰীত হৈ থকা টীয়ক আছুৰ বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান সম্পন্ন



ডিজিটেল সংবাদ, টীয়কঃ সদৌ অসম ছাত্ৰ সন্থাৰ শৈক্ষিক কৰ্মসূচীৰ আধাৰত যোৱা ১০ জুলাইৰ পৰা টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰজাবাৰী শাখা ছাত্ৰ সন্থাৰ সহযোগত টীয়ক ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীৰ ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সাধাৰণ গণিতৰ ১৫ দিনীয়া বিনামূলীয়া পাঠদান কাৰ্যসূচী টীয়ক অঞ্চলৰ কেইবাজনো বৰেণ্য ব্যক্তি তথা শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত সামৰণি অনুষ্ঠান সম্পন্ন হৈ যায়। টীয়ক আছুৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল দত্তই আঁত ধৰা সভাখনি ভাৰপ্ৰাপ্ত সভাপতি ৰক্তিম হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায় আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৰজাবাৰী শাখা ছাত্ৰ সন্থাৰ সভাপতি স্বপ্ননীল বৰুৱাই। ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হেমন্ত ভূঞা, শিক্ষক অনিল শইকীয়া, গণেশ বৰঠাকুৰ, নিৰু শৰ্মা, মৃন্ময়ী বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক সুৰেন বৰা, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ৰন্টু ভূঞা, সাংস্কৃতিক সম্পাদক প্ৰীতমজ্যোতি শইকীয়া, টীয়ক আছুৰ উপদেষ্টা প্ৰশান্ত দোলাকাষৰীয়া, সহকাৰী সম্পাদক ৰাজ দাস, শিক্ষা সম্পাদক অৰূপজ্যোতি কলিতা,তথ্য সম্পাদক পাৰ্থ প্ৰতিম হাজৰিকা,সাংস্কৃতিক সম্পাদক অধিৰথ গোস্বামী, সাহিত্য সম্পাদক ঋতম দত্ত,কেৰজাবাৰী শাখা ছাত্ৰ সন্থাৰ সম্পাদক বিৰাজ হাজৰিকা, পাঠদান কাৰ্যসূচীত শিক্ষকতাৰ গুৰুদায়িত্ব বহন কৰা দেৱজিৎ দত্ত, দেৱপ্ৰতিম হাজৰিকা,ভাস্কৰ গগৈ,আকাশী বড়া, আকাশ বৰা, দিম্পী দত্তকে  ধৰি টীয়ক আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰজাবাৰী শাখা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে টীয়ক প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক অমৃত দত্ত, টীয়ক শাখা কবি সন্মিলনৰ সম্পাদক বিমান শইকীয়াকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া, অভিভাৱক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

No comments