Breaking News

কমনৱেল্থ গেমছৰ পূৰ্বে মানসিক নিৰ্যাতন লাভলীনাক



টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলীনা বৰগোহাঁইয়ে বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ বিৰুদ্ধে উত্থাপন কৰিলে প্ৰশিক্ষক সলনি কৰি তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ।

অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী অসমৰ মহিলা খেলুৱৈৰূপে পৰিগণিত হোৱা লাভলীনাই বৰ্তমান বাৰ্মিংহামত অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ গেমছৰ বাবে প্ৰস্তুতি চলাই আছে। কিন্তু বক্সাৰগৰাকীয়ে অভিযোগ কৰে যে, বিএফআইয়ে তেওঁৰ সৈতে ৰাজনীতি কৰিছে। লাভলীনাই দাবী কৰে যে তেওঁৰ এগৰাকী প্ৰশিক্ষক, যিয়ে তেওঁক পদক জিকাত সহায় কৰিছিল, তেওঁক কমনৱেলথ গেমছ ভিলেজত প্ৰৱেশ কৰিবলৈ বাধা প্ৰদান কৰা হৈছে আৰু  আন এজনক ঘৰলৈ পঠাই দিয়া হৈছে।  লভলিনাই এইটোও অভিযোগ কৰে যে চিডব্লিউজি ২০২২ ৰ মাত্ৰ ৮ দিন আগতে তেওঁৰ প্ৰশিক্ষণ বন্ধ কৰা হৈছে।


No comments