Breaking News

বিহৰা বজাৰৰ পৰা কিনি অনা গৰু জব্দ কলিয়াবৰত।

 



ডিজিটেল সংবাদ,কলিয়াবৰঃ বিহৰা বজাৰৰ পৰা কিনি অনা গৰু জব্দ কলিয়াবৰত। জখলাবন্ধা আৰু বাগৰি আৰক্ষীয়ে অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই যোৱা ২৪ ঘন্টাত জব্দ কৰিছে অবৈধ ভাবে সৰবৰাহ কৰা ২০৭ টা গৰু। ৮ খন বাহনৰ পৰা জব্দ কৰা গৰু সমূহৰ সৈতে ৮ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই সন্দৰ্ভত মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে কলিয়াবৰ আৰক্ষী থানাত আজি এখন সংবাদ মেল আয়োজন কৰি অবৈধ গৰুসৰবৰাহকাৰীৰ  বিৰুদ্ধে চলোৱা অভিযান সন্দৰ্ভত জানিব দিয়ে। আৰক্ষীয়ে জব্দ কৰা গৰু সমূহ নগাঁও বেঙেনাআটিৰ পঞ্জীয়ন ভুক্ত গো-শালালৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। অসম পশুধন সুৰক্ষা আইন ২০২১ভংগ কৰি সৰবৰাহকাৰী চক্ৰটোৱে গোধন সৰবৰাহ কৰাৰ পৰিনতিত যোৱা ২৪ ঘন্টাত ২২ টা গৰু মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। অবৈধভাবে গৰু সৰবৰাহ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইটা ক্ৰমে সুৰেন মুণ্ডা,মফিজুদ্দিন,বিনোদ বাউতি,জীয়াবুৰ ৰহমান, মোক্তাৰ হুছেইন, হাৰুন ৰচিদ আৰু আৰিফুল ইছলাম বুলি আৰক্ষীয়ে জানিব দিয়ে। ঘটনা সন্দৰ্ভত কলিয়াবৰ আৰক্ষীয়ে ৪৬/২০২১ এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। ইফালেদি ধৃত সৰবৰাহকাৰীয়ে জানিব দিয়ে যে তেওঁলোকে বিহৰা বজাৰৰ পৰা বৈধ ভাবে কিনি অনা গৰু সমূহ আৰক্ষীয়ে জব্দ কৰিছে। 

No comments