Breaking News

অসম ৰাজ্যিক পৰিবহণ নিগমত চলিছে ৰাজহ ফাঁকিৰ অঘোষিত প্ৰতিযোগিতা

 


পঙ্কজ নাথ, কামৰূপঃ অসম ৰাজ্যিক পৰিবহণ নিগমত চলিছে ৰাজহ ফাঁকিৰ অঘোষিত প্ৰতিযোগিতা। চালক, পৰিচালকৰ সৈতে বিভাগীয় বিষয়া কৰ্মচাৰী মিলিত হৈ ৰাজহৰ লুণ্ঠণৰাজ চলোৱাৰ অভিযোগ ।অসম ৰাজ্যিক পৰিবহণ নিগমত চাকৰি কেলেংকাৰীৰ ধুমুহা চলি থকাৰ সময়তে উঠিছে অন্য এক গুৰুতৰ অভিযোগ। তাৰে ভিতৰত অন্যতম হল পৰিবহন নিগমৰ গাড়ীত টিকটৰ আৰত বৃহৎ ৰাজহ ফাঁকিৰ অভিযোগ। বিভাগৰ বিৰুদ্ধে চলি থকা বিভিন্ন অভিযোগৰ মাজতে বিভাগটোৰ অধীনত চলোৱা গাড়ী বিলাকত প্ৰায়ে কোনো টিকট ব্যৱহাৰ নোহোৱাৰ যথেষ্ট অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে পৰিবহন বিভাগে গাড়ীবোৰ ঠিকা ভিত্তিত চালক, পৰিচালকৰ হাতত চমজাই দিয়ে। যাৰবাবে সেইসকলে দুৰ্নীতি কৰাৰ পুৰ্ণ সুযোগ লাভ কৰে আৰু ইয়াৰ বাবে চৰকাৰে পাবলগীয়া ৰাজহৰ পৰা বঞ্চিত হবলগীয়া হৈ আছে । প্ৰাপ্ত খবৰ মতে গাড়ীবোৰৰ চিট অনুযায়ীহে গাড়ী এখনৰ চালক, পৰিচালকে বিভাগক টকা ও ৰাজহ আদায় দিয়ে। অথচ এই গাড়ীবোৰে চিটতকৈ তিনি চাৰি গুণ যাত্ৰী কঢ়িয়াই থকা পৰিলক্ষিত হয়। জানিব পৰা মতে চালক পৰিচালক সকলে গাড়ী খনৰ গন্তব্য স্থানৰ আহ যাহৰ বাবদ দৈনিক কেৱল মাত্ৰ তেলৰ খৰছ দিয়াৰ উপৰিও ৮০০ পৰা ৯০০ টকাহে অসম ৰাজ্যিক পৰিবহণ বিভাগক আদায় দি আহিছে। পৰিবহন বিভাগক দৈনিক এক সীমিত টকা ও ৰাজহ আদায় দিয়াৰ পিছত উপৰিঞ্চি টকাখিনি বিভাগৰ আস্থান অধীক্ষক, আস্থান উপ অধীক্ষক, সময় ৰক্ষক, কোষাধক্ষ্য আদিৰ মাজত কিছু টকা বিতৰণ কৰি বাকীখিনি চালক আৰু পৰিচালকৰ মাজত ভাগবতৰা হয় বুলি আন এক অভিযোগ উঠিছে । যাৰবাবে দৈনিক হাজাৰ হাজাৰ টকাৰ ৰাজহৰ পৰা পৰিবহন বিভাগ বঞ্চিত হৈ আছে বুলিও সচেতন মহলৰ মাজত এক চৰ্চা চলিছে । এনেদৰেই বিভাগটোত টিকতৰ আৰত চালক পৰিচালক, বিভাগীয় বিষয়া আৰু কৰ্মচাৰী মিলি ৰাজহ ফাঁকিৰ এক অঘোষিত প্ৰতিযোগিতাত লিপ্ত হৈ ৰাজহৰ লুণ্ঠণৰাজ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । যাৰবাবে শীঘ্ৰেই নিগমৰ গাড়ী বিলাকত যাত্ৰীক টিকট প্ৰদান কৰাটো বাধ্যতামূলক কৰাৰ উপৰিও গাড়ী বিলাকত চিচিটিভি সংযোগৰ ব্যৱস্থা কৰাটো বাঞ্ছা কৰিছে সচেতন মহলে । ইয়াৰ উপৰিও উপৰোক্ত বিষয়টোত গুৰুত্ব প্ৰদান কৰি শীঘ্ৰেই ইয়াৰ ওপৰত তদন্ত কৰি দৈনিক ঘটি অহা এই বৃহৎ দুৰ্নীতি ৰোধ কৰি চৰকাৰৰ হাজাৰ হাজাৰ টকা ৰাজহৰ ঘাটি পুৰণ কৰিবলৈ পৰিবহন নিগমৰ উচ্চ পদস্থ বিষয়ববীয়া আৰু বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যক আহ্বান জনাইছে একাংশ সচেতন ৰাইজে।

No comments