Breaking News

দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতিৰূপে শপত ল’লে দ্ৰৌপদী মুৰ্মুৱে


সংসদ ভৱনৰ কেন্দ্ৰীয় কক্ষত অনুষ্ঠিত হয় শপতগ্ৰহণ অনুষ্ঠানত ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিলে দ্ৰৌপদী মুৰ্মুৱে। । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ শপত বাক্য পাঠ কৰোৱায়।

শপত গ্ৰহণ সমাৰোহত উপস্থিত থাকে বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপ–ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্য, ৰাজ্যপাল, মুখ্যমন্ত্ৰী, সংসদৰ সদস্য আৰু চৰকাৰৰ মুখ্য বিষয়া আৰু সেনা বিষয়াসকল ।

স্বাধীনতাৰ পিছত দেশত জন্মগ্ৰহণ কৰা প্ৰথমজন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ প্ৰায় ১১ বছৰ পিছত ১৯৫৮ চনৰ ২০ জুনত দ্ৰৌপদী মুৰ্মুৰ জন্ম হৈছিল। দেশৰ এতিয়ালৈকে সকলো ৰাষ্ট্ৰপতিৰ জন্ম হৈছিল ১৯৪৭ চনৰ আগতে।

আনহাতে, দেশৰ কনিষ্ঠতম ৰাষ্ট্ৰপতি হোৱাৰ কৃতিত্বও অৰ্জন কৰিলে দ্ৰৌপদী মুৰ্মুৱে। ১৯৫৮ চনৰ ২০ জুনত জন্মগ্ৰহণ কৰা দ্ৰৌপদী মুৰ্মুৰ বয়স আজি কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত ৬৪ বছৰ, ১ মাহ আৰু ৮ দিন।

No comments