Breaking News

সোমবাৰে দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত শপত গ্ৰহণ কৰিব নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে



কাইলৈ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব দ্ৰৌপদী মূৰ্মুয়ে।  এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ক'য় যে সোমবাৰে পুৱা ১০.১৫ বজাত সংসদৰ কেন্দ্ৰীয় হ'লত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব, য'ত ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই তেওঁক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শপত লোৱাৰ পাছত ভাষণ প্ৰদান কৰিব।  শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে বিদায়ী ৰাষ্ট্ৰপতি আৰু নিৰ্বাচিত ৰাষ্ট্ৰপতিয়ে এক আনুষ্ঠানিক শোভাযাত্ৰাত সংসদত উপস্থিত হ'ব। এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীকে ধৰি এই সকলো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব।


ইয়াৰোপৰি উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডু,  লোকসভাৰ অধ্যক্ষ ওম বিৰলা, মন্ত্ৰী পৰিষদৰ সদস্য, ৰাজ্যপাল, মুখ্যমন্ত্ৰী, কূটনৈতিক মিছনৰ মুৰব্বী, সাংসদ আৰু বিশিষ্ট অসামৰিক আৰু সামৰিক বিষয়াসকলো ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।


উল্লেখ্য যে  অনুষ্ঠানৰ সমাপ্তিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু ৰাষ্ট্ৰপতি ভৱনলৈ ৰাওনা হ'ব আৰু বিদায়ী ৰাষ্ট্ৰপতিক সন্মানিত কৰা হ'ব।


No comments