Breaking News

প্ৰকল্প ৰূপায়ণত চৰকাৰে ইচ্ছা কৰিলেই অধিগ্ৰহণ কৰিব পাৰিব বনভূমি



উন্নয়নৰ নামত জনবিৰোধী নীতি গ্ৰহণ কৰাত সিদ্ধহস্ত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখন। কিয় বাৰে বাৰে কেন্দ্ৰীয় চৰকাৰখনে গ্ৰহণ কৰিব বিচাৰে জনবিৰোধী নীতি। পূৰ্বেও কেইবাটাও জনবিৰোধী নীতি গ্ৰহণ কৰা চৰকাৰখনে এইবাৰ প্ৰস্তুত কৰিবলৈ লৈছে নতুন বননীতি। কিয়নো বন সুৰক্ষা সম্পৰ্কীয় এই নতুন নীতি গৃহীত হোৱাৰ পাছত বন ভূমি ধ্বংস কৰি যিকোনো প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰক কোনেও বাধা দিব নোৱাৰিব। 

ইতিমধ্যে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে ঔদ্যোগিক বিকাশৰ দোহাই দি বন সুৰক্ষা অধিনিয়ম ২০২২ ৰ প্ৰস্তুৱ লোক সভা আৰু ৰাজ্য সভালৈ প্ৰেৰণ কৰিছে। 

আজি অসমৰ এখন আগশাৰীৰ সংবাদপত্ৰত বিষয়টো প্ৰকাশ পোৱাৰ পাছতে সৃষ্টি হৈছে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ। সংবাদ পত্ৰখনত প্ৰকাশ পোৱা অনুসৰি বন ভূমিসমূহ সংকটৰ গৰাহলৈ ঠেলি দি কেন্দ্ৰীয় চৰকাৰে নতুন বননীতি প্ৰস্তুত কৰিছে। আনকি চলিত সংসদৰ অধিৱেশনতে এই নতুন বননীতি গৃহীত হ’ব। কিন্তু প্ৰস্তাৱিত বন সুৰক্ষা অধিনিয়ম ২০২২ৰ ফলত অশম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় লোকসকলৰ জীৱন আৰু অৰণ্য ভূমিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ আশংকা স্পষ্ট হৈ পৰিছে। । কিন্তু এতিয়া নতুন নীতি অনুসৰি প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত এনে কোনো বাধ্যবাধকতা নাথাকিব। যাৰ ফলত চৰকাৰে নিজৰ ইচ্ছা অনুসৰিয়েই যিকোনো বন ভূমিতে প্ৰকল্প ৰূপায়ণ কৰাটো সহজ হৈ পৰিব। 

এনে পৰিস্থিতিত যদিহে এই নতুন বননীতি গৃহীত হয়, তেনেহ’লে অসম তথা উত্তৰ-পূৰ্বাঞ্চল বৃহৎ ক্ষতিৰ সন্মুখীন হ’ব লাগিব সেয়া নিশ্চিত।

No comments