Breaking News

ৰাজ্যত নাটনি ঘটিব পাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ



ৰাজ্যত নাটনি ঘটিব পাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ৷ সোমবাৰৰ পৰা অনিৰ্দিষ্টকালৰ বাবে নৰ্থ-ইষ্ট পেকড LPG চিলিণ্ডাৰ ট্ৰান্সপ’ৰ্টাৰ এছ’চিয়ছনৰ ধৰ্মঘট ৷  IOCৰ বিৰুদ্ধে থলুৱা পৰিবহণকাৰীক বঞ্চনা কৰাৰ অভিযোগ ৷

পুনৰ ৰন্ধন গেছৰ নাটনিয়ে অসমত সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনাই দেখা দিছে। নৰ্থ-ইষ্ট পেক্ট এল পি জি ট্ৰেন্সপ’ৰ্টাৰ । আজিৰ পৰা অনিৰ্দিষ্টকাললৈ আহ্বান জনোৱা ধৰ্মঘটৰ বাবেই এই আশংকাই দেখা দিছে।


জানিব পৰা মতে, আজিৰ পৰা ৰাজ্যত চিলিণ্ডাৰ কঢ়িওৱা বাহন সমূহ বন্ধ হৈ পৰিব। ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেড চমুকৈ আই অ’ চি এল কৰ্তৃপক্ষৰ বিৰুদ্ধে স্থানীয় পৰিবহণকাৰী সকলৰ দাবী পূৰণ নকৰাৰ বাবে নৰ্থ-ইষ্ট পেক্ট এল পি জি ট্ৰেন্সপ’ৰ্টাৰ এছোচিয়েশ্যনে এই ধৰ্মঘটৰ আহ্বান জনাইছে।

গেছ চিলিণ্ডাৰ পৰিবহনৰ বাবে বাহনৰ চলাচল বন্ধ হৈ যোৱাৰ ফলত ৭ টা বটলিং প্লান্ট সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। 

বন্ধ থাকিব উত্তৰ গুৱাহাটী, সৰপাৰা মিৰ্জা, গোপানাৰী তিনিচুকীয়া, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ, আৰু দুলীয়াজান  বটলিং প্লান্টৰ সম্পূৰ্ন পৰিবহন সেৱা । বন্ধৰ ফলত বটলিং প্লান্তত আবদ্ধ হৈ পৰিব কেইবা সহস্ৰাধিক অধিক ৰন্ধন গেছ কঢ়িওঁৱা বাহন ।  


No comments