Breaking News

আপোনাৰ মাজে মাজে বুকুত জ্বলা-পোৰা কৰে নেকি? তেন্তে কেতিয়াও অৱহেলা নকৰিব!

 


কেতিয়াবা বুকুত জ্বলা-পোৰা যেন অনুভৱ হ’লে সাধাৰণতে গুৰুত্ব দিয়া নহয়৷ কিন্তু সঘনাই যদি এনে সমস্যাৰ সৃষ্টি হৈ থাকে তেতিয়া তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে৷ গ্যেষ্টাইছোফেজিয়াল ৰিফ্লাক্স হ’ল এক হজমজনিত বিকাৰ৷ যেতিয়া পাকস্থলীৰ খাদ্যবস্তু ইছুফেগাছৰ পৰা ঘূৰি আহে তাকেই কোৱা হয় ‘গ্যেষ্টাইছোফেজিয়াল ৰিফ্লাক্স’৷ সাধাৰণতে ইয়াক কোৱা হয় এচিদ ৰিফ্লাক্স৷

কোনো ব্যক্তিৰ যদি সপ্তাহত দুবাৰতকৈ অধিক এচিদ ৰিফ্লাক্সৰ উপসৰ্গই দেখা দিয়ে তেতিয়া এই জি ই আৰ ডি ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ যদিও ইয়াক বিশেষ গুৰুত্ব দিয়া নহয় তথাপি সঠিক চিকিৎসা নকৰিলে ভৱিষ্যতে দীৰ্ঘস্থায়ী অসুস্থতাত আক্ৰান্ত হোৱাৰ থল থাকে।  সেয়েহে সপ্তাহত দুদিনতকৈ অধিক এই এচিদ ৰিফ্লাক্স সমস্যাত ভুগিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ কাষ চাপিব লাগে। মনকৰিব এনে হ’লে কেতিয়াও চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ বা নিজে নিজে ফাৰ্মাচীৰ পৰা দৰৱ ক্ৰয় তকি  সেৱন নকৰিব। কেতিয়াবা সাধাৰণ গ্যেষ্টিকৰ দৰৱ সেৱন কৰাৰ ফলত ভয়ংকৰ বিপদ মাতি আনিব পাৰে৷ 

No comments