Breaking News

ভাৰতৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক অভিনন্দন জ্ঞাপন কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে



ভাৰতৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক অভিনন্দন জ্ঞাপন কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে । ভাৰতবৰ্ষৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰে পুটিনে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰি  কয় যে, ‘আমি দীৰ্ঘদিন ধৰি ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষ সম্পৰ্কৰ ক্ষেত্ৰসমূহত গুৰুত্ব দি আহিছো। আশাকৰোঁ, ভাৰত-ৰাছিয়াৰ ৰাজনৈতিক সম্পৰ্কত ভাৰতৰ সাংবিধানিক মুৰব্বী হিচাপে আপোনাৰ ভূমিকাই সম্পৰ্কৰ এই স্বকীয়তাক আৰু অধিক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক সহযোগিতাৰ পৰিসৰ বহল কৰিব।’


উল্লেখ্য যে  দ্ৰৌপদী মুৰ্মূ ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। ইফালে দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা দৌপদী মুৰ্মূৱেই হৈছে স্বাধীনতাৰ পিছত জন্মগ্ৰহণ কৰা  প্ৰথমগৰাকী ব্যক্তি । ইয়াৰ সমান্তৰালভাৱে দেশৰ আটাইতকৈ কম বয়সীয়া ৰাষ্ট্ৰপতি হিচাপেও বিবেচিত হৈছে দ্ৰৌপদী মুৰ্মূ। 

 ২৫ জুলাইত শপত ল’ব দ্ৰৌপদী মুৰ্মূৱে।

No comments