Breaking News

পূব কামৰূপ বন সংমণ্ডল আৰু গুৱাহাটী বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত গছপুলি ৰোপণ অভিযান।



পঙ্কজ নাথ, কামৰূপঃ মুখ্যমন্ত্ৰীৰ এক নিৰ্দেশনা অনুসৰি পূব কামৰূপ বন সংমণ্ডল আৰু গুৱাহাটী বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত খানামুখ খণ্ড বন কাৰ্যালয়ৰ সৌজন্যত বৃক্ষৰোপণ ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। যোৱা বৰ্ষত বিভাগীয় বন বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশনা অনুসৰি, কামৰূপ পূব বিভাগৰ গুৱাহাটী বনাঞ্চলিক কাৰ্যালয়ৰ দ্বাৰা আজি ৪০ টা স্থানীয় প্ৰজাতিৰ উদ্ভিদ ৰোপনেৰে দুখন চৰকাৰী বিদ্যালয়ত এই বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হৈছে। এই কাৰ্যসূচীটো পশ্চিম বৰাগাঁও এল পি স্কুল আৰু তেতেলিয়া বাৰী এল পি স্কুলত খানামুখ খণ্ড বন কাৰ্যালয়ৰ কৰ্মচাৰী আৰু বিদ্যালয় দুখনৰ একাংশ শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত সম্পন্ন হৈ যায়। জানিব পৰা মতে বৃক্ষৰোপণ কাৰ্যসূচী দুটা দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষক/ শিক্ষয়িত্ৰীৰ দ্বাৰা আৰম্ভ কৰা হৈছিল। ইয়াৰ লগতে আজিৰ এই কাৰ্যসূচীত শিক্ষক সকলৰ মাজত ১০ টা গছপুলিও বিতৰণ কৰা হয় বুলি গুৱাহাটী বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই জানিবলৈ দিছে।


মুখ্যমন্ত্ৰীৰ এক নিৰ্দেশনা অনুসৰি পূব কামৰূপ বন সংমণ্ডল আৰু গুৱাহাটী বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত খানামুখ খণ্ড বন কাৰ্যালয়ৰ সৌজন্যত বৃক্ষৰোপণ ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। যোৱা বৰ্ষত বিভাগীয় বন বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশনা অনুসৰি, কামৰূপ পূব বিভাগৰ গুৱাহাটী বনাঞ্চলিক কাৰ্যালয়ৰ দ্বাৰা আজি ৪০ টা স্থানীয় প্ৰজাতিৰ উদ্ভিদ ৰোপনেৰে দুখন চৰকাৰী বিদ্যালয়ত এই বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হৈছে। এই কাৰ্যসূচীটো পশ্চিম বৰাগাঁও এল পি স্কুল আৰু তেতেলিয়া বাৰী এল পি স্কুলত খানামুখ খণ্ড বন কাৰ্যালয়ৰ কৰ্মচাৰী আৰু বিদ্যালয় দুখনৰ একাংশ শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত সম্পন্ন হৈ যায়। জানিব পৰা মতে বৃক্ষৰোপণ কাৰ্যসূচী দুটা দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষক/ শিক্ষয়িত্ৰীৰ দ্বাৰা আৰম্ভ কৰা হৈছিল। ইয়াৰ লগতে আজিৰ এই কাৰ্যসূচীত শিক্ষক সকলৰ মাজত ১০ টা গছপুলিও বিতৰণ কৰা হয় বুলি গুৱাহাটী বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই জানিবলৈ দিছে।

No comments