Breaking News

মূচ্চৰ্না সংগীত শিক্ষা কেন্দ্ৰৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান সম্পন্ন




গুৱাহাটীৰ চান্দমাৰী অঞ্চলৰ পূব-শৰণীয়া পথত থকা মূৰ্চ্চনা সংগীত শিক্ষা কেন্দ্ৰই ২০০০ বৰ্ষত প্ৰতিষ্ঠা কৰি সেই তেতিয়াৰ পৰাই মহানগৰীৰ ভালেমান শিক্ষাৰ্থীক গীটাৰ, পিয়ানো, কী বৰ্ড, বেহেলা আৰু কণ্ঠ সংগীতৰ প্ৰশিক্ষণ দি আহিছে সংগীত প্ৰতিষ্ঠানটিৰ অধ্যক্ষ তথা সংগীত শিল্পী হিৰণ্য কলিতা আৰু তেওঁৰ পত্নী বৰ্ণালী কলিতাই৷ আন্তঃৰাষ্টীয় শৈক্ষিক, সাংস্কৃতিক প্ৰতিষ্ঠান আৰু পৰীক্ষা পৰিষদ-মিউজিচিয়া আৰ্টছ এণ্ড কালচাৰ কাউন্সিল’ৰ দ্বাৰা অনুমোদিত, মূচ্চৰ্না সংগীত শিক্ষা কেন্দ্ৰই শিক্ষাৰ্থীসকলক তেওঁলোকৰ সম্পূৰ্ণ সংগীতৰ সম্ভাৱনা বিকাশ কৰিবলৈ অনুপ্ৰেৰণা যোগোৱাৰ লগতে মঞ্চত প্ৰদৰ্শন কৰাৰ নিয়মীয়া সুযোগ প্ৰদান কৰি আহিছে৷ বিগত বৰ্ষবোৰৰ দৰেই ১৭ জুলাইৰ দিনা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড॰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত দিনৰ ভাগতে মূৰ্চ্চনা সংগীত শিক্ষা কেন্দ্ৰৰ বাৰ্ষিক সংগীতানুষ্ঠান শিক্ষাৰ্থী, অভিভাৱক, শুভাকাংক্ষী আৰু সংগীতানুৰাগীৰ উপস্থিতিত অনুষ্ঠিত হৈ যায়৷ শিক্ষাৰ্থীসকলে তেওঁলোকৰ অপৰিসীম প্ৰতিভাৰে এটাৰ পিছত এটা সুমধুৰ অসমীয়া, হিন্দী তথা পাশ্চাত্য সংগীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে৷ অনুষ্ঠানটোৰ আৰম্ভণিতে অসমৰ বিশিষ্ট বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰীয়ে বন্তি প্ৰজ্ব লন কৰে৷ 



ইয়াৰ পিছত অসম তথা ভাৰতবৰ্ষৰ স্বনামধন্য সংগীত শিল্পী ক্ৰমে অপূৰ্ব বেজবৰুৱা, লতা মঙ্গেশকাৰ, বাপ্পী লাহিড়ী আৰু কে কে’ৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ পৰিস্মিতা বৰদলৈ আৰু মামণি বকতিয়ালে  আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানটি আৰম্ভ হৈছিল নভ্যা বাউৰীৰ দ্বাৰা পৰিৱেশিত বিখ্যাত ‘ৰঘুপতি ৰাঘৱ ৰাজা ৰাম’ ভজনটোৰ সুৰেৰে৷ ইয়াৰ লগে লগে চ্যোনী কলিতা, দেবানুজ গগৈ, ধানিষ্ঠা দেৱী, ৰুচিৰ বৰদলৈ, অয়ন কলিতা, পৰিক্ষিত বড়ো, ধৃতিৰাজ কলিতা, প্ৰিয়াংশু শইকীয়া, ডুবৰি কলিতা, নিহাল কাশ্যপ, লভ্যা আগৰৱালা, আৰিয়ন কাশ্যপ গগৈ, তেজাঞ্চি জয়ন্তম, কুনাল দাস, ছেমছ হাজৰিকা, দীপ্তাংশু পাটগিৰি, জৰ্ণভ চক্ৰৱৰ্তী, মৃণাভ চলিহা, মায়াংক চক্ৰৱৰ্তী, মিলিন্দ চৌধুৰী, নিকুঞ্জ বাউৰী, আদি শিক্ষাৰ্থীয়ে গীটাৰ, পিয়ানো আৰু কী ব’ৰ্ডত অসমীয়া, হিন্দী আৰু পাশ্চাত্য সুৰৰ ঝংকাৰ তুলি সাংস্কৃতিক অনুষ্ঠানটি মনোৰম কৰি তোলে৷ অতিথি শিশু শিল্পী নিশিতা কলিতাৰ গীত পৰিৱেশন, দিক্ষিতা পাটগিৰিৰ ভাৰত নাট্যম, নিকিটা দেৱীৰ কথক আৰু য়ুভিকা জে শৰ্মাৰ বিহু নৃত্যই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ শেষত ছাত্ৰ-ছাত্ৰীক সংগীত শিক্ষাৰ পৰীক্ষাৰ উত্তীৰ্ণৰ প্ৰমাণ-পত্ৰ আৰু বঁটা প্ৰদান কৰা হয় বুলি  ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজৰ তৰফৰ পৰা জানিবলৈ দিয়ে।

No comments