Breaking News

তুলসীপাতে নিৰাময় কৰে বহু ৰোগৰ




ঔষধি গুণসম্পন্ন তুলসীয়ে বিভিন্ন ৰোগ নিৰাময় কৰে৷ তুলসী গছৰ পাত, বীজ আৰু শিপা সকলোবোৰেই স্বাস্থ্যৰ বাবে উপকাৰী৷ হাওফাওৰ দুৰ্বলতা, কাহ, শ্বাসকষ্ট, পানী লগা জ্বৰ, বুকুৰ বিষ, হাপানি, ঘামচি, তেজত শৰ্কৰাৰ পৰিমাণ কমি যোৱা, কাণৰ বিষ আদি বিভিন্ন ৰোগৰ দৰৱ প্ৰস্তুত কৰা হয় তুলসীৰ পৰা৷ 

এইকেইটা তুলসীপাতৰ বিভিন্ন উপকাৰী গুণ.................. 

১৷ মূৰ আৰু গাৰ বিষ নিৰাময় কৰে তুলসীয়ে৷

২৷ ঠাণ্ডা লগা বা কাঁহৰ পৰা পৰিত্ৰাণ পাবলৈ তুলসীপাত আৰু আদাৰ ৰসৰ সৈতে মৌ মিহলাই খালে উপকাৰ পোৱা যায়৷ 

৩৷ তুলসীপাত গৰম পানীত সিজাই সেই পানীৰে গাৰ্গল কৰিলে মুখ আৰু ডিঙিৰ ৰোগৰ বীজাণু নাইকীয়া হয় আৰু মুখৰ দুৰ্গন্ধ আঁতৰে৷ 

৪৷ তুলসীপাতৰ ৰস খালে সোনকালে জ্বৰৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷ 

৫৷ চকুৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাতি কেইটামান তুলসীৰপাত পানীত তিয়াই ৰাখক৷ পুৱা এই পানীৰে চকু ধুলে উপকাৰ পোৱা যায়৷

৭৷ তুলসীৰে বনোৱা চাহ খালে শাৰীৰিক আৰু মানসিক অৱসাদ আঁতৰ হয়৷ 

No comments