Breaking News

হ্ৰাস পাইছে সোণাৰ দাম



হ্ৰাস পাইছে সোণাৰ দাম। ২০২১ চনৰ আগষ্ট মাহৰ আৰম্ভণিৰ পাছত সোণৰ দাম সৰ্বনিম্ন। সোণৰ সমান্তৰালভাৱে ৰূপৰো দাম দ্ৰুতগতিত হ্ৰাস পাইছে। বিশ্ব বজাৰত স্পট ৰূপৰ মূল্য ০.৯শতাংশ হ্ৰাস পাই প্ৰতি আউন্সত ১৮.৪৯ডলাৰ হৈছে। প্লেটিনামৰ মূল্যও ০.৭শতাংশ কম হৈ প্ৰতি আউন্সত ৮৫২.১৪ ডলাৰ হয়। 


আইবিজেএৰ তথ্য অনুসৰি বৃহস্পতিবাৰে ২৪ কেৰেটৰ সোণৰ মূল্য ৩৭১ টকা হ্ৰাস পাই প্ৰতি ১০ গ্ৰামত ৫০,১৮২ টকা হয়। একেদৰে প্ৰতি ১০ গ্ৰামত ২৩ কেৰেট সোণ হ্ৰাস পাই ৪৯,৯৮১ টকা হয়। আইবিজেএৰ তথ্য মতে আজি ২২ কেৰেট সোণৰ মূল্য  ৪৫,৯৬৭ টকা, ১৮ কেৰেট সোণৰ মূল্য আছিল ৩৭,৬৩৭ টকা আৰু ১৪ কেৰেট সোণৰ মূল্য আছিল ২৯,৩৫৬ টকা। 


উল্লেখ্য যে  খাৰুৱা তেলৰ পিছত সোণ ভাৰতৰ আমদানি বিলৰ অন্যতম বৃহৎ উপাদান। বিশ্বৰ বজাৰত দাম কম হোৱাৰ বাবে ভাৰততো সোণ সস্তা হৈ পৰিছে। 

No comments