Breaking News

অকালতে মৰহিলে এটি প্ৰতিভা

 


অকালতে মৰহিলে এটি প্ৰতিভা

অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ। ৰাছিয়ান সেনাৰ গুলীচালনাত এইবাৰ অকালতে প্ৰাণ হেৰুলালে এটি প্ৰতিভাই। ৰাছিয়ান সেনাৰ গুলীত নিহত  ইউক্ৰেইনৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈৰ। ডান্স স্পৰ্টছৰ চেম্পিয়ন ডাৰিয়া কুৰডেলে ৰাছিয়াৰ আক্ৰমণত হেৰুৱালে প্ৰাণ। চলিত বৰ্ষৰ ২০ ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ আৰম্ভ হৈছিল আৰু এতিয়ালৈকে যুদ্ধ চলি আছে। ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ বহু চহৰ ধ্বংস হোৱাৰ লগতে হাজাৰ হাজাৰ লোকৰ মৃত্যু হয়। ইয়াৰ মাজতে আহিল অন্য এক দুখবৰ। ৰাছিয়াৰ আক্ৰমণত মৃত্যু ইউক্ৰেইনৰ ২০ বছৰীয়া খেলুৱৈৰ। আক্ৰমণত প্ৰাণ হেৰুৱালে ডান্স স্পৰ্টছৰ চেম্পিয়ন ডাৰিয়া কুৰডেলে । ৯ জুলাইত ৰাছিয়াই চলোৱা বিমান আক্ৰমণত ডাৰিয়া আহত হৈছিল। অশেষ চেষ্টাৰ অন্ততো প্ৰাণ ৰক্ষা কৰিব পৰা নগ’ল  ২০ বছৰীয়া ডাৰিয়া কুৰডেলৰ।  ডাৰিয়া কুৰডেল ডান্স স্পৰ্টছৰ বিশেষজ্ঞ আছিল। তেওঁ চেম্পিয়নৰ খিতাপো অৰ্জন কৰিছে। 

ইফালে যুদ্ধৰ বাবেই দেশ এৰি পলাবলৈ বাধ্য হৈছে বহু ইউক্ৰেনিয়ান৷ যুদ্ধ বিভিষীকা দিনে দিনে বৃদ্ধি পাই গৈ আছে। যোৱা চাৰি-পাঁচ মাহ ধৰি চলি থকা বিধ্বংসী আক্ৰমণত হাজাৰ-বিজাৰ লোকে প্ৰাণ হেৰুৱাইছে।

No comments