Breaking News

নুমলীগড়ত গ্ৰীষ্মকালীন শিৱিৰ ত ইংৰাজী শিকো আঁহা কৰ্মশালা সম্পন্ন

 


ডিজিটেল সংবাদ,গোলাঘাটঃ নুমলীগড়ত গ্ৰীষ্মকালীন শিৱিৰ ত ইংৰাজী শিকো আঁহা কৰ্মশালা সম্পন্ন

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত গ্ৰীষ্ম বন্ধৰ লগত সংগতি ৰাখি ʼইংৰাজী শিকো আঁহাʼ শীৰ্ষক এক কৰ্মশালা আজি নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয়।প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজিতএই কৰ্মশালা ডেৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত হমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বুদ্ধেশ্বৰ সিনহাই। ইংৰাজী আখৰ লেখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। কৰ্মশালাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কমাৰগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যতিন কাকতি আৰু উদ্বোধন কৰে সঞ্জীৱ শৰ্মাই।

No comments