Breaking News

সীমিত আয় আৰু বৰ্ধিত মূল্যৰ মাজত দিশহাৰা দেশৰ জনতা

 


সীমিত আয় আৰু বৰ্ধিত মূল্যৰ মাজত দিশহাৰা দেশৰ জনতা। দিনক দিনে বৃদ্ধি পাই আহিছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম। সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিত জুৰুলা সাধাৰণ জনতা।  ১৮ জুলাইৰ পৰা পুনৰ বাঢ়িব বহু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম। দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ বাবদ এতিয়া ভৰিব লাগিব অধিক ধন। 

GSTৰ ৪৭সংখ্যক বৈঠকৰ পিছত দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে জনাইছে যে ১৮ জুলাইৰ পৰা দাম বাঢ়িব বহু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম। ইয়াৰ লগে লগে অহা সপ্তাহৰ পৰা দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ বাবদ এতিয়া ভৰিব লাগিব অধিক ধন। ১৮ জুলাইৰ পৰা কিছু নতুন পণ্য আৰু কেতবোৰ সেৱাৰ ওপৰত GSTৰ হাৰ বৃদ্ধি পাব।

পনীৰ, লাচি, বাটাৰ মিল্ক, পেকেটজাত দৈ, গমৰ আটা, আন শস্য, মৌ, পাপৰ, খাদ্যশস্য, মাংস আৰু মাছ, মুড়ি আৰু গুড়ৰ দৰে প্ৰি–পেকেজড লেবেলসহ কৃষিপণ্যৰ মূল্য বৃদ্ধি পাব। উল্লেখিত  এই সামগ্ৰীসমূহৰ ওপৰত কৰ বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ। ইফালে ব্ৰেণ্ডেড আৰু পেকেটজাত খাদ্য সামগ্ৰীৰ ওপৰত ৫ শতাংশ GST ধাৰ্য কৰা হয়। 

No comments