Breaking News

১৬ জুলাইৰ পৰা পৰীক্ষা, কিন্তু পৰীক্ষাৰ্থী আছে কাৰাগাৰত!



১৬ জুলাইৰ পৰা পৰীক্ষা, কিন্তু পৰীক্ষাৰ্থী আছে কাৰাগাৰত!  কিয় বন্ধ কুঠৰীত মেট্ৰিকত পাঁচটাকৈ বিষয়ত লেটাৰ লৈ উত্তীৰ্ণ হোৱা বৰ্ষাশ্ৰী?  ছাত্ৰীগৰাকীক লৈ সামাজিক মাধ্যমত চলিছে ব্যাপক চৰ্চা । একপ্ৰকাৰ সামাজিক মাধ্যমত গণ আন্দোলনৰ সূচনা হৈছে।  কি দোষ আছিল মেধাৱী ছাত্ৰীগৰাকীৰ

দুষাৰী বিপ্লৱী কবিতা লিখিছিল, আৰু সেয়াই তেওঁৰ অপৰাধ। " সেই অপৰাধৰ বাবেই  ৫৬টা দিন কাৰাগাৰৰ বন্ধ কুঠৰীত বন্দিত্ব জীৱন কটাইছে এইগৰাকী মেধাৱী ছাত্ৰীয়ে।   কিন্তু এইটো ভুলৰ বাবেই কিয় এগৰাকী প্ৰতিভাৱান মেধাৱী ছাত্ৰীৰ কঠোৰ শান্তি প্ৰদান কৰিব লগা হ’ল, এই প্ৰশ্নটো আজি সজোৰে উত্থাপন হৈছে বিভিন্ন মাধ্যমত। কাৰণ  বৰ্ষাশ্ৰীৰ অহা ১৬ জুলাইৰ পৰা পৰীক্ষা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাঁচটাকৈ বিষয়ত লেটাৰ লৈ উত্তীৰ্ণ হৈ দেৱীচৰণ মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাসিকত অধ্যয়নৰত আছিল বৰ্ষাশ্ৰী। কিন্তু ৫৬টা দিন কাৰাগাৰৰ বন্ধ কুঠৰীত বন্দিত্ব জীৱন কটাইছে মেধাৱী ছাত্ৰীগৰাকীয়ে। লগতে  আৰু কিমানদিন  জে'লত ৰাখিলে বৰ্ষাশ্ৰীৰ দৰে ঊনৈশ বছৰীয়া ছাত্ৰীগৰাকী শুদ্ধ হ'ব বুলিও প্ৰশ্ন তুলিছে ছ’চিয়েল মিডিয়া।

সকলোৰে দাবী - প্ৰচুৰ সম্ভাৱনাময় ছাত্ৰীগৰাকীক অন্ততঃ পৰীক্ষাত বহিব পৰাকৈ মুকলি কৰি দিয়ক। 

উল্লেখ্য যে যোৱা ১৮ মে'ৰ দিনা ঘৰৰ পৰা গোলাঘাট উৰিয়ামঘাটৰ এগৰাকী সহপাঠীৰ ঘৰলৈ বুলি ওলাই গৈছিল  বৰ্ষাশ্ৰী আৰু তাতেই উৰিয়ামঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰীক।


No comments