Breaking News

শ্ৰীলংকাত অভাৱনীয় পৰিস্থিতিঃ জৰুৰীকালীন অৱস্থা ঘোষণা



দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাত এতিয়া সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি। ক্ৰমাৎ বৃদ্ধি পাইছে ইটোৰ পাছত সিটো সমস্যা। এইবাৰ দেশখনত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকচাই দেশ এৰি পলায়ন কৰাৰ পাছতেই  প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কৰা কৰিছে এই ঘোষণা।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ কয় যে ৰাষ্ট্ৰপতি দেশ এৰি যোৱাৰ পাছতেই দেশৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়।

উল্লেখ্য যে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰি সাৱ্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। দীৰ্ঘদিনৰ পৰাই দ্বীপ ৰাষ্ট্ৰখনত চলি আহিছে অৰাজকতাময় পৰিস্থিতিৰ।

No comments