Breaking News

ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবীত উত্তাল শ্ৰীলংকা! প্ৰতিবাদস্থলীত প্ৰাক্তন ক্ৰিকেটাৰ সনথ জয়সূৰ্য



ভয়াৱহ অৰ্থনৈতিক মন্দাৱস্থাৰ মাজেৰে দিন পাৰ কৰিব লগা অৱস্থা হৈছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাই।  অভাৱনীয়ভাৱে নাটনিয়ে দেখা দিছে ইন্ধন, বিদ্যুৎ, খাদ্যৰ । আনকি ঔষধৰ যোগানতো ব্যাপক ব্যাঘাত জন্মিছে। একপ্ৰকাৰ শ্ৰীলংকা সকলোফালৰ পৰা হৈ পৰিছে দেউলীয়া। যাৰ ফলস্বৰূপে শ্ৰীলংকাৰ ৰাইজে ৰাষ্ট্ৰপতি হিচাপে গোটাবায়া ৰাজাপাকছাক পদত্যাগ কৰাৰ দাবী জনাইছে। 


ইফালে জীৱন ৰক্ষাৰ বাবে ৰাজাপাকছাই নিজৰ কলম্বোস্থিত বাসগৃহৰ পৰা পলায়ন কৰিবলগীয়া হৈছিল। আনহাতে ৰাজাপাকছা দলৰ ১৬ জন সাংসদে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ পদত্যাগ দাবী কৰিছে। আজি প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতি ভৱনৰ নিৰ্দোষ নিৰাপত্তাৰ দিশত আঙুলি টোৱাই ৰাজাপাক্ষাৰ বাসগৃহ দখল কৰে। 

উল্লেখ্য যে প্ৰতিবাদৰ বাবে ৰাজপথলৈ ওলাই আহিল শ্ৰীলংকাৰ প্ৰাক্তন সনথ জয়সূৰ্য। অৱশ্যে, তেওঁ শান্তিৰ পথত বিদ্ৰোহ ঘোষণা কৰিছে।  একালৰ বিস্ফোৰক অপেনাৰগৰাকীয়ে টুইটাৰত লিখিছে, ‘মই সদায় শ্ৰীলংকাৰ জনসাধাৰণৰ সৈতে আছো। অতি সোনকালে আমি জয়ৰ দিনটো উদযাপন কৰিম। এই প্ৰতিবাদ অব্যাহত থাকিব।’ 

No comments