Breaking News

গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দেশভক্তি দিৱস উদযাপন।



গোলাঘাট জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত স্বাধীনতা সংগ্ৰামী,দেশভক্ত তৰুণৰাম ফুকনৰ ৮৩ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে দেশভক্তি দিৱস উদযাপন কৰা হয়। এই উপলক্ষে  দেশভক্ত তৰুণৰাম ফুকনদেৱক স্মৰণ কৰি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু "দেশভক্তিৰ প্ৰসংগ আৰু তৰুণৰাম ফুকন" শীৰ্ষক এখনি আলোচনাচক্ৰৰ আয়োজন কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱীয়ে আঁত ধৰা অনুষ্ঠানত সভাপতিত্ব কৰে গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই। সভাত উপস্থিত থাকি অৱসৰপ্ৰাপ্ত অধ্যাপক দীনেশ প্ৰবীণ সাংবাদিকদ্বয় দ্বীপেন দত্ত, অপূৰ্ব বল্লভ গোস্বামী, বিশিষ্ট নিৱন্ধকাৰ ডাঃ অজিত বৰুৱা, উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

ইয়াৰোপৰি সভাত গোলাঘাট জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, ড০ সংগীতা বৰঠাকুৰ, সহকাৰী আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰী, অম্লান ফুকন, ৰাজহ চক্ৰ বিষয়া পাপৰি দাসৰ লগতে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া, স্থানীয় সাংবাদিকসকল উপস্থিত থাকে

অনুষ্ঠানৰ মাজতে একোটি গছপুলি বিতৰণ কৰা হয়। 


No comments