Breaking News

সংসদৰ বৰ্ষাকালীন অধিৱেশনত ছোনিয়া গান্ধী-স্মৃতি ইৰাণীৰ বাকযুদ্ধ



নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওপৰত অধীৰ ৰঞ্জন চৌধুৰীৰ মন্তব্যই দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।  আজিৰ দিনটোতে, ৰামপুৰৰ কংগ্ৰেছ সাংসদে দ্ৰৌপদীক 'ৰাষ্ট্ৰপত্নি' বুলি অভিহিত কৰে। 

বিজেপি শিবিৰে লোকসভাৰ কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে ৰাষ্ট্ৰপতিক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছিল। 

এইক্ষেত্ৰত স্মৃতি ইৰাণীয়ে ছোনিয়া গান্ধীকো বিষয়টোত ক্ষমা বিচাৰিবলৈ কৈছিল। ইয়াকে লৈ লোকসভাত যথেষ্ট হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। 


গান্ধীয়ে কয় যে , "অধীৰ চৌধুৰীয়ে ইতিমধ্যে ঘটনাটোৰ বাবে ক্ষমা বিচাৰিছে। মই এই বিষয়টোত জড়িত হোৱাৰ কোনো কাৰণ নাই?" স্মৃতি ইৰাণীয়ে সেই সময়ত ছোনিয়াক সমালোচনা কৰি কৈছিল। তাৰ পাছত, ছোনিয়াই স্মৃতিক 'মোৰ সৈতে আপুনি কথা নাপাতিব বুলি কৈছিল' বুলি কৈছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৱশ্যে একো প্ৰত্যুত্বৰ নিদিলে। তাৰ পাছত, কংগ্ৰেছ সাংসদগৰাকী অধিৱেশনৰ পৰা উলাই যায়।

No comments