Breaking News

শ্ৰীলংকাৰ পাছত এইবাৰ ইটালীত ৰাজনৈতিক সংকটঃ পদত্যাগ ইটালীৰ প্ৰধানমন্ত্ৰীৰ



বিশ্বত কিয় দেখা দিছে ৰাজনৈতিক সংকটে। এখনৰ পাছত আন এখন দেশত দেখা গৈছে ৰাজনৈতিক সংকট। পাকিস্তান, শ্ৰীলংকা, ব্ৰিটেইনৰ পিছত এইবাৰ  ৰাজনৈতিক সংকটে দেখা দিছে ইটালীত।  ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ’ ড্ৰাঘীয়ে মিত্ৰজোঁটৰ অংশীদাৰসকলৰ সমৰ্থন অবিহনে পদত্যাগ কৰিছে । বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ছাৰ্জিঅ’ মাটাৰেলাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে মাৰিঅ’ ড্ৰাঘীয়ে।

প্ৰধানমন্ত্ৰী মাৰিঅ’ ড্ৰাঘীয়ে পদত্যাগ কৰাৰ পাছতেই  দেশখনত এতিয়া চৰম ৰাজনৈতিক অস্থিৰতাই গ্ৰাস কৰিছে । যাৰ প্ৰভাৱ পৰিছে দেশখনৰ  বিত্তীয় প্ৰতিষ্ঠানসমূহতো। 

উল্লেখ্য যে ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতি অনুসৰি  ড্ৰাঘীৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিগৰাকীয়ে গ্ৰহণ কৰি তেওঁক তত্বাৱধায়ক প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য চলাই যাবলৈ শেহতীয়াভাৱে নিৰ্দেশ প্ৰদান কৰিছে।


No comments