Breaking News

আপুনি জানেনে প্লাষ্টিক বটলত পানী সেৱন কৰাটো কিমান বিপজ্জনক?



পানীয়েই প্ৰাণ, কিন্তু এই প্লাষ্টিকৰ বটলৰ পানী সেৱন মৃত্যুৰ অন্যতম কাৰক৷  ঘৰত পানী সেৱনৰ বাবে বহুতেই প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰে৷  বহু সময়ত বজাৰ-সমাৰৰ পৰা কিনি অনা পানীৰ বটলটো পানী শেষ হোৱাৰ পাছত পুনৰ পানীৰ বটল হিচাপে ব্যৱহাৰ কৰা দেখা যায়৷ কিন্তু এইদৰে প্লাষ্টিকৰ বটলত পুনৰাই পানী পান কৰা মানে মৃত্যুৰ দিশলৈ গতি কৰা৷ সেয়ে প্লাষ্টিক জাতীয় কোনো বস্তু কেতিয়াও স্বাস্থ্যকৰ হ’ব নোৱাৰে৷ 

 প্লাষ্টিকৰ বটলত পানী ৰাখিলে বি পি এ নামৰ একধৰণৰ ‘কেমিকেল’ ওলাই পানীৰ লগত মিহলি হয় আৰু পানী খোৱাৰ সময়ত ই আমাৰ শৰীৰত প্ৰৱেশ কৰে৷ যাৰ ফলত আপোনাৰ শৰীৰত কেন্সাৰৰ নিচিনা মাৰাত্মক ৰোগ দেখা দিব পাৰে৷ কোনো গৰম পানীয় বা বেছি সময় ধৰি প্লাষ্টিকৰ বটল সূৰ্যৰ পোহৰত থাকিলে সেই পানীত ‘ডি অক্সিডেণ্ট’ মিশ্ৰিত হৈ আপোনাৰ শৰীৰৰ বহু অংগ বিকল কৰি দিব পাৰে৷ ইয়াৰোপৰি প্লাষ্টিকৰ বটলত পানী খালে শৰীৰত ক্ল’ৰাইড প্ৰৱেশ কৰে৷ যাৰ ফলত আপোনাৰ ছালৰ ক্ষতি হ’ব পাৰে৷ চুলি সৰা, অনিদ্ৰা, খোৱাৰ প্ৰতি অনীহা, ক্লান্তিজনিত ৰোগ দেখা দিয়াটো প্লাষ্টিকৰ বটলত পানী খোৱাৰ অন্যতম কু-ফল৷ সেয়ে আজিয়েই প্লাষ্টিকৰ বটলত পানী খোৱা বন্ধ কৰক আৰু নিজকে আসন্ন বিপদৰ পৰা বচাওক৷ প্লাষ্টিকৰ বটলৰ পৰিৱৰ্তে আপুনি ষ্টীলৰ বটল, ষ্টীলৰ গ্লাচ, কেঁচা পিতলৰ গ্লাচ কিম্বা কাচৰ বটল ব্যৱহাৰ কৰিব পাৰে৷

No comments