Breaking News

নৰসিংহৰ পাতত গুণাগুন.......



 খাদ্যবস্তু অধিক সুস্বাদু আৰু সুগন্ধি কৰাৰ বাবে ৰন্ধন প্ৰণালীত নৰসিংহৰ পাত ব্যৱহাৰ আমি নিশ্চয় দেখিছোঁ। নৰসিংহৰ পাতত থকা পুষ্টিকৰ গুণ স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ নৰসিংহই ছুগাৰ নিয়ন্ত্ৰণ কৰে আৰু  ওজন বঢ়াত বাধা দিয়ে৷ ইয়াৰোপৰি ছাল আৰু চুলিৰ বাবে অতি উপকাৰী নৰসিংহৰ পাত৷ 

বিভিন্ন ক্ষেত্ৰত নৰসিংহৰ পাতে কি কি সমস্যাত ঔষধৰ কাম কৰে জানো আহক

১। নৰসিংহৰ পাতত প্ৰচুৰ পৰিমাণে আইৰণ আৰু ফলিক এচিদ থাকে৷ ফলত ই ৰক্তহীনতা প্ৰতিৰোধ কৰাত সহায় কৰে৷ 

২। নৰসিংহৰ পাতত থকা ফাইবাৰে ইনচুলিনক প্ৰভাৱিত কৰি তেজত থকা শৰ্কৰাৰ মাত্ৰা কমায়৷ লগতে ই পৰিপাক তন্ত্ৰক ভালে ৰাখে৷ ফলত স্থুলতাৰ আশংকা নাইকিয়া হয়৷  

৩।  নৰসিংহৰ পাতত থকা পুষ্টিকৰ গুণসমূহে চুলি অকালতে পকাত বাধা দিয়ে৷ তদুপৰি চুলি সৰা সমস্যা কমায়৷ 

৪।   লিভাৰ দুৰ্বল হ’লে নৰসিংহৰ পাত খাব পাৰে৷ তদুপৰি ভুল খাদ্যাভাস আৰু অত্যধিক সুৰাপান কৰা সকলে নিয়মিত নৰসিংহৰ পাত খালে উপকাৰ পাব৷ ইয়াত থকা ভিটামিন এ আৰু চি-এ লিভাৰ সুস্থ কৰি ৰখাত সহায় কৰে৷ 

৫। হজম শক্তি বঢ়ায়  নৰসিংহৰ পাতত থকা কাৰমিনেটিভ নামৰ উপাদানবিধে কোষ্ঠ-কাঠিন্যৰ দৰে সমস্যা নাইকিয়া কৰে৷ লগতে পেটৰ  অন্যান্য সমস্যাও উপশম কৰাত সহায় কৰে৷ সেয়ে পেটৰ ৰোগত নৰসিংহৰ পাতক মহৌষধ বুলি কোৱা হয়৷

৬।  হূদপিণ্ড ভালে ৰাখেঃ কলেষ্টেৰ’লৰ মাত্ৰা কমোৱাত নৰসিংহৰ পাতে গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ এইবিধ পাতে তেজত কলেষ্টেৰ’লৰ পৰিমাণ বঢ়াই হূদৰোগৰ আশংকা নাইকিয়া কৰে৷ 

৭। ছালৰ সংক্ৰমণ নাইকিয়া কৰেঃ নৰসিংহৰ পাতত প্ৰচুৰ পৰিমাণে থাকে এণ্টি-অক্সিডেন্ট,এণ্টি বেক্টেৰিয়েল আৰু এণ্টি ফাংগাল বৈশিষ্ট্য৷ এইবোৰ বৈশিষ্ট্যই ছালৰ ইনফেকছন দূৰ কৰাত সহায় কৰে৷ 

No comments