Breaking News

কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক পৰীক্ষা দিয়াৰ অনুমতি গোলাঘাট সত্ৰ ন্যায়াধীশ আদালতৰ



কাৰাবন্দী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক পৰীক্ষা দিয়াৰ অনুমতি গোলাঘাট সত্ৰ ন্যায়াধীশ আদালতৰ। কাৰাবন্দী অৱস্থাতে  পৰীক্ষা দিব পাৰিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁয়ে। গোলাঘাট সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। । পৰীক্ষাৰ সন্দৰ্ভত বৰ্ষাশ্ৰীয়ে নিজে লিখা আবেদন গৃহীত কৰিলে গোলাঘাট জিলা আৰু সত্ৰ ন্যায়াধীশ দিব্যজোতি মহন্ত‌ই। ১৬,১৮,২৮ জুলাই আৰু ১ আগষ্টত অনুষ্ঠিত হ'ব লগা পৰীক্ষা স্নাতক ২য় ষাণ্মাসিকৰ পৰীক্ষাত বহিব বৰ্ষাশ্ৰী। দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ  মূল কক্ষত আৰক্ষীৰ উপস্থিতিত পৰীক্ষাত বহিব পাৰিব বৰ্ষাশ্ৰীয়ে।

পৰীক্ষাৰ বাবে  ভাতৃৰ উপস্থিতিত কাৰাগাৰত কিতাপ-পত্ৰৰ যোগান ধৰা হৈছে বৰ্ষাশ্ৰীক। ইফালে জামিনৰ বাবে দাখিল কৰা আবেদনো গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰ প্ৰক্ৰিয়াত আছে। পৰীক্ষাৰ বাবে গোলাঘাট কাৰাগাৰ কৰ্তৃপক্ষই গোলাঘাট কাৰাগাৰৰ পৰা যোৰহাটৰ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়লৈ লৈ যাব বৰ্ষাশ্ৰীক ।

No comments