Breaking News

নীতিশ কুমাৰে অষ্টমবাৰৰ বাবে শপত ল’লে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে , তেজস্বী যাদৱ উপ-মুখ্যমন্ত্ৰী



জনতা দল-ইউনাইটেডৰ (জেডিইউ) নেতা নীতিশ কুমাৰে বুধবাৰে  অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ ভৱনত আয়োজিত এক সাধাৰণ অনুষ্ঠানত আৰজেডি নেতা তেজস্বী যাদৱেও উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ লয়।

নীতিশ আৰু তেজস্বী দুয়োকে ৰাজ্যপাল ফাগু চৌহানে দুপৰীয়া প্ৰায় ২ বজাত ৰাজভৱনৰ ভিতৰত পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱায়।

শপত গ্ৰহণ কৰাৰ কেইমিনিটমানপিছত তেজস্বীয়ে নীতিশ কুমাৰৰ ভৰি স্পৰ্শ কৰে আৰু আশীৰ্বাদ বিচাৰিছিল। 

উল্লেখ্য যে ৭১ বছৰীয়া জেডি(ইউ) নেতাজনে প্ৰথমবাৰৰ বাবে ২০০০ চনত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল, যেতিয়া তেওঁ মাত্ৰ এসপ্তাহ ধৰি চলি থকা এন ডি এ চৰকাৰৰ নেতৃত্ব দিছিল। তেওঁ ২০০৫ চনত ঘূৰি আহিছিল আৰু মিত্ৰজোঁটৰ সৈতে বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। 

পাঁচ বছৰৰ পিছত বিধানসভা নিৰ্বাচনত এন ডি এয়ে তেওঁৰ নেতৃত্বত বিপুল বিজয় লাভ কৰিছিল। কুমাৰে ২০১৪ চনত লোকসভা নিৰ্বাচনত জেডি(ইউ)ৰ অৱনতিৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছিল, কিন্তু এবছৰৰো কম সময়ৰ পিছত তেওঁ চতুৰ্থবাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পিছত উভতি আহিছিল।

২০১৫ চনত, কুমাৰ মুখ্যমন্ত্ৰী হিচাপে ঘূৰি আহিছিল, মহাজোটত তেতিয়া জেডি(ইউ), আৰজেডি আৰু কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। তেওঁ ২০১৭ চনৰ জুলাই মাহত আৰজেডিৰ সৈতে অমীমাংসিত মতভেদৰ কথা উল্লেখ কৰি পদত্যাগ কৰে, আৰু ২৪ ঘণ্টাতকৈও কম সময়ৰ ভিতৰত বিজেপিৰ সৈতে নতুন চৰকাৰ গঠন কৰি পুনৰ শপত গ্ৰহণ কৰে।


কুমাৰে ২০২০ চনৰ নৱেম্বৰত সপ্তমবাৰৰ বাবে শপত গ্ৰহণ কৰিছিল, যেতিয়া এন ডি এ য়ে ক্ষমতাত আছিল।

No comments