Breaking News

দেশযোৰা প্ৰতিবাদক আওকান কৰি সংসদত উত্থাপন কৰিলে বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২।



লোকসভাত উত্থাপন গণবিৰোধী বিধেয়ক। দেশযোৰা প্ৰতিবাদক আওকান কৰি সংসদত উত্থাপন কৰিলে বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২। ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতলৈ বিদ্যুৎ বিভাগ। ব্যক্তিগত কোম্পানীৰক বিদ্যুৎৰ কৰ্তৃত্ব গতোৱাৰ চক্ৰান্ত কেন্দ্ৰৰ। পুনৰ এবাৰ জনতাৰ বিৰোধী স্থিতি গ্ৰহণ কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ। সততে জনবিৰোধী স্থিতি গ্ৰহণ কৰি অহা কেন্দ্ৰীয় চৰকাৰখনে এইবাৰ লোকসভাত উত্থাপন গণবিৰোধী বিধেয়ক। দেশযোৰা প্ৰতিবাদক আওকান কৰি সংসদত উত্থাপন কৰিলে বিদ্যুৎ সংশোধনী বিধেয়ক ২০২২। যাৰ  জৰিয়তে বিজুলি শক্তিৰ নিৰিখ নিৰ্ধাৰণৰ দায়িত্ব লাভ কৰিব ব্যক্তিগত কোম্পানীয়ে। বছৰেকত চাৰিবাৰকৈ বৃদ্ধি হ’ব বিদ্যুতৰ নিৰিখ। নাথাকিব ৰাজসাহাৰ্যৰ ব্যৱস্থা। লগতে এই আইনৰ জৰিয়তে বিদ্যুৎ বিতৰণৰ দায়িত্বও লাভ কৰিব  ব্যক্তিগত কোম্পানীয়ে আৰু ব্যক্তিগত কোম্পানীৰ পৰা বাছনি কৰি ল’ব পাৰিব বিদ্যুৎ সেৱা। কেন্দ্ৰৰ এই সিদ্ধান্তৰ পিছতেই এতিয়া সমগ্ৰ দেশৰ লগতে অসমতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

No comments