Breaking News

মেলেং চাহ বাগিছাত আটছাৰ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট

 



বিজু টানোৱাল, টিয়কঃ মেলেং চাহ বাগিছাত আটছাৰ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট । অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ মেলেং উপ শাখা সমিতিৰ উদ্যোগত আৰু প্ৰাথমিক গোটসমূহৰ সহযোগত মেলেং চাহ বাগিছাৰ জ্বলন্ত সমস্যাসভূহ সমাধানৰ দাবীত আজি মেলেং চাহ বাগিছাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এক তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হয়।উক্ত ধৰ্মঘট কাৰ্যসূচীত বাগিছাৰ কৰ্মচাৰী তথা  শ্ৰমিকসকলক উপযুক্ত মৌলিক অধিকাৰ ,খোৱা পানীৰ ব্যৱস্থা,কৰ্মক্ষেত্ৰত উচিত নিৰাপত্তা,উন্নত স্বাস্থ্য সেৱা আদিবোৰ সুনিশ্চিত কৰাৰ দাবীত মালিকপক্ষক স্মাৰক পত্ৰ প্ৰদান কৰে আৰু অনতি পলমে এইসমূহ সমস্যা সমাধান কৰিবলৈ দাবী জনাই অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় দিয়া হুংকাৰ প্ৰদান কৰে।উক্ত কাৰ্যসূচীত আটছাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অশ্বিনী তাছা, যোৰহাট জিলা আটছাৰ সহ সম্পাদক মিন্টু কুৰ্মী,আটছা যোৰহাট শাখাৰ সভাপতি কিৰণ তাঁতি,সম্পাদক সিদাৰ্থ তাঁতিকে প্ৰমুখ্য কৰি জিলা তথা কেন্দ্ৰীয় সমিতিৰ ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

No comments