Breaking News

বিজেপিৰ সৈতে মিত্ৰতা ভংগঃ ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল নীতিশ কুমাৰৰ



বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আজি ভাৰতীয় জনতা পাৰ্টিৰ সৈতে মিত্ৰতা ভংগ হোৱাৰ কেইঘণ্টামান পিছতে ৰাজ্যপাল ফাঘু চৌহানৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। জানিব পৰা মতে, জেডিইউৰ মুৰব্বীয়ে লালু যাদৱৰ ৰাষ্ট্ৰীয় জনতা দলৰ সৈতে ক্ষমতাৰ দাবী দাঙি ধৰে। সেই অনুসৰি তেজস্বী যাদৱ বিহাৰৰ পৰৱৰ্তী উপ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে।


মিত্ৰতা ভংগৰ সন্দৰ্ভত নীতিশ কুমাৰে কয় যে, "এন ডি এ এৰি যোৱাটো এটা সামূহিক আহ্বান"।  ইয়াত নীতিশ কুমাৰৰ চৰকাৰী বাসভৱনত জেডি(ইউ)ৰ এখন বৈঠকৰ পিছত এই পদক্ষেপ লোৱা হৈছিল। আজি জেডি(ইউ)ৰ বৈঠকত দলটোৰ সকলো বিধায়ক আৰু সাংসদে মুখ্যমন্ত্ৰী কুমাৰৰ সিদ্ধান্তক সমৰ্থন জনাই কয় যে তেওঁলোক তেওঁৰ সৈতে আছে। তেওঁলোকে এইটোও দৃঢ়তাৰে কৈছিল যে তেওঁলোকে কুমাৰক তেওঁৰ সিদ্ধান্তত সমৰ্থন কৰি থাকিব। 

শেহতীয়া তথ্য অনুসৰি ৰাষ্ট্ৰীয় জনতা দলৰ বিধায়ক, এমএলচি আৰু ৰাজ্যসভাৰ সাংসদে দলৰ নেতা তেজস্বী যাদৱক সিদ্ধান্ত ল'বলৈ কৰ্তৃত্ব প্ৰদান কৰি তেওঁক তেওঁলোকৰ সমৰ্থন ৰখাৰ বাবে দৃঢ়তাৰে কয়। ইফালে কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ বিধায়কসকলেও যাদৱক সমৰ্থন জনাইছে বুলি জনা গৈছে।

অন্যহাতে আজি আৰজেডিয়ে আহ্বান কৰা বৈঠকৰ পূৰ্বে কংগ্ৰেছ বিহাৰ বিধায়িনী দলৰ নেতা অজিত শৰ্মাই কয় যে  "যদি নীতিশ কুমাৰ আহে, আমি তেওঁক স্বাগতম জনাম। যদি তেওঁ আহে আমি তেওঁক সমৰ্থন কৰিম।


No comments