Breaking News

ব্যতিক্ৰমী কৰ্মসংস্কৃতিৰ নিৰ্দশন দুমুনিচকীৰ দুই বন্ধুৰ :

 


ইফ্তাজুল হক, মান্দাকাটাঃ ব্যতিক্ৰমী কৰ্মসংস্কৃতিৰ নিৰ্দশন দুমুনিচকীৰ দুই বন্ধুৰ ।দুমনিচকীত মুকলি কৌশিক হেয়াৰ কাটিং । দুমুনিচকীত মুকলি হ'ল কৌশিক হেয়াৰ চেলুন  নামেৰে এখন অত্যাধুনিক চেলুন । চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকি আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়াস কৰিছে দুমুনিচকীৰ দুই বন্ধু মতিন হক আৰু আৰজুৰ ৰহমানে । দৰং কামৰূপ জিলাৰ সীমান্তৰ বন্ধন বেংক দুমুনিচকী শাখাৰ সমীপত দুয়ো আৰম্ভ কৰিছে কৌশিক হেয়াৰ চেলুন । ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিতে আৰম্ভ কৰা এই প্ৰতিষ্ঠানখনৰ জৰিয়তে পুৰুষৰ  সৌন্দৰ্য চৰ্চাৰ সেৱা উপলব্ধ হ'ব গ্ৰাহক সকলৰ বাবে । প্ৰতিষ্ঠানখনৰ শুভ উদ্বোধনী কৰে কৰে স্থানীয় বিশিষ্ট ব্যৱসায়ী লুটফুৰ ৰহমানে । মুকলি অনুষ্ঠানত এছ বি আইৰ কৰ্মচাৰী আতিকুৰ ৰহমান , দুমুনিচকী শাখা সাহিত্য সভাৰ সভাপতি ডা: মৃদুল আহমেদ , ইমদাদুল আহমেদ (অকণ) উপস্থিত থাকি দুই যুৱ ব্যৱসায়ীলৈ অভিনন্দন জ্ঞাপন কৰে ।


No comments